Tuesday, April 23, 2024
Homeবাতৰিউদ্‌ঘাটনমূলক খনন কাৰ্য স্থগিত ৰাখিলে মেঘালয়ৰ ইউৰেনিয়াম খনিত

উদ্‌ঘাটনমূলক খনন কাৰ্য স্থগিত ৰাখিলে মেঘালয়ৰ ইউৰেনিয়াম খনিত

প্ৰকাশিত তাৰিখঃ ৬ আগষ্ট, ২০১৮

চি এন ডেক্স

মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ মাউথাবাহ নামৰ গাঁৱখনত অৱস্থিত সমৃদ্ধশালী ইউৰেনিয়াম খনি সমূহ। এই ইউৰেনিয়াম খনিত উদ্‌ঘাটনমূলক খনন কাৰ্য চলাবলৈ যাওঁতে স্থানীয় লোকৰ তীব্ৰ বাধাৰ সন্মুখীণ হোৱাত এই কাৰ্য বন্ধ কৰিবলৈ বাধ্য হয়।

ভাৰত চৰকাৰৰ অধীনস্থ আনৱিক খনিজ সঞ্চালকালয়ৰ অন্বেষণ আৰু গৱেষণা সংস্থাই (Atomic Minerals Directorate for Exploration and Research, চমুকৈ AMD) মেঘালয়ৰ ইউৰেনিয়াম খনি সমূহৰ উদ্‌ঘাটনমূলক খনন কাৰ্যৰ দায়িত্ব লাভ কৰিছিল। উক্ত খনি সমূহৰ ভূ–পৃষ্ঠৰ পৰা নমূনা সংগ্ৰহৰ বাবে যোৱা ২৫ জুলাইত সংস্থাটোৰ এটা দল পশ্চিম খাছি পাহাৰ জিলাৰ ৱাহকাজিত উপস্থিত হয়। গৱেষণাকাৰী দলটো সেই ঠাইত উপস্থিত হোৱাৰ মুহুৰ্ততে স্থানীয় লোকসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে আৰু লগত নিয়া মূল্যবান যন্ত্ৰপাতি সমূহ জ্বলাই দিয়ে।

যদিও, উদঘাটনকাৰী দলটোৱে গৱেষণাগাৰত আণুবীক্ষণিক অধ্যয়ন, বিশ্লেষণ আদিৰ বাবে মাউথাবাহ’ত থকা ইউৰেনিয়াম খনি সমূহত ২০–৩০ মিটাৰ গভীৰতাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা কৰি নমুনা সংগ্ৰহ কৰে।

ইপিনে, উক্ত ঘটনা সন্দৰ্ভত খাছি পাহাৰ জিলা স্বায়ত্তশাসিত পৰিষদে গৱেষণাকাৰী দলটোক কৈফিয়ৎ তলব কৰি মাতি নিয়ে। তাৰপিচত বিষয়াসকলে পৰিষদৰ খনি আৰু খনিজ দ্ৰব্য বিভাগৰ কাৰ্যবাহী সদস্য লটিপলাং খাৰকংগৰক সাক্ষাৎ কৰে।

পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যগৰাকীক সাক্ষাতৰ পিচত আণৱিক খনিজ সঞ্চালয়কালয়ৰ সঞ্চালক হেমিল্টনে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে– আণৱিক খনিজ সঞ্চালকালয় ইউৰেনিয়াম খননৰ লগত জড়িত নহয়। আমি উদঘাটনৰ লগতহে জড়িত। ইউৰেনিয়াম খননকাৰী সম্পূৰ্ণ বেলেগ এটা এজেঞ্চী। ইউৰেনিয়ামে নহয় অন্যান্য খনিজ সম্পদৰ ওপৰত আমি উদঘাটন আৰু গৱেষণা চলাও। ইউৰেনিয়াম খনন কৰে ইউৰেনিয়াম কৰ্প’ৰেচন অৱ ইণ্ডিয়াই। আমাক ইউৰেনিয়াম কৰ্প’ৰেচন সংস্থাৰ সদস্য বুলি ভাবি ভুল কৰা বুলি মন্তব্য কৰে। ২৫ জুলাইত ঘটা ঘটনাৰ পিচত আণৱিক খনিজ সঞ্চালকালয়ে মেঘালয়ত সকলো প্ৰকাৰৰ উদ্‌ঘাটন কাৰ্য বন্ধ কৰি দিছে। অৱশ্যে অন্য ৰাজ্যত এই কাম অব্যাহত থাকিব বুলি সঞ্চালক হেমিল্টনে ঘোষণা কৰে। 

উল্লেখ্য যে, ভাৰতৰ আণৱিক শক্তি আইন, ১৯৬২ অনুসৰি দেশৰ যিকোনো স্থানৰ পৰা নমুনা সংগ্ৰহৰ বাবে স্থানীয় ভূ–স্বামীৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন। সেই অনুসৰি স্থানীয় মাউথাবাহ গাঁৱৰ মুখীয়ালৰ পৰা যোৱা ৪ এপ্ৰিলত ইউৰেনিয়াম খনিত উদ্‌ঘাটনৰ বাবে বিন্ধা কৰাৰ এক অনুমতি পত্ৰ সংগ্ৰহ কৰিছিল। সেই অনুমতি পত্ৰত উক্ত গাঁৱবাসীয়ে উদঘাটনকাৰী দলটোক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা আছিল যদিও সময়ত সকলোবোৰ ওলট–পালট লাগি যোৱা বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে।      

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward