Thursday, September 19, 2024
HomeNEWSগ্ৰন্থ আৰু গছ পুলি উপহাৰ

গ্ৰন্থ আৰু গছ পুলি উপহাৰ

ৰাণীৰ বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ কৰ্মচাৰী ধীৰাজ ৰাভাই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত গ্ৰন্থ আৰু গছ পুলি উপহাৰ দিয়ে।

বাতৰিটোৰ সম্পাদিত ৰূপ প্ৰকাশ কৰা হ’ল –

ৰাণীৰ বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ কৰ্মচাৰী ধীৰাজ ৰাভাই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একক প্ৰচেষ্টাৰে শিক্ষাৰ্থীলৈ গ্ৰন্থ আৰু গছ পুলি উপহাৰ দিয়ে। সেই অনুসৰি অঞ্চলটোৰপৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পাঁচগৰাকী শিক্ষাৰ্থী ক্ৰমে– দীপান্বিতা ৰাভা, লভিতা দাস, ভূমিকা দাস, মানস দাস আৰু আল্পনা অধিকাৰীলৈ গ্ৰন্থ আৰু গছ পুলি উপহাৰ দিয়া হয়। উল্লেখ্য যে, এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দীপান্বিতা ৰাভাই তিনিটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত আৰু লভিতা দাসে এটা বিষয়ত লেটাৰ নম্বৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। মাজপাৰা প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্টুপীয়া অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিলীপ দাসে। অনুষ্ঠানটোৰ সহযোগ আগবঢ়াই বিদ্যালয়খনৰ শিক্ষয়িত্ৰী, ছাত্ৰ–ছাত্ৰীসকলে লগতে গাঁওখনৰ নিৰু দাস, ববিতা দাস, অনুপমা দাস, মায়ামতী দাস আৰু সৰস্বতী দাসে।  

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward