প্ৰকাশিত তাৰিখঃ ১৪ এপ্ৰিল, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বালাহপুৰস্থিত এছিয়ান একাডেমিয়ে পুনৰ এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, বিগত বছৰবোৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবৰ্ষতো এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্রকাশ কৰিছে।
এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত দুই গৰাকীয়ে লেটাৰ মাৰ্ক সহ মুঠ তিনি গৰাকী প্রথম বিভাগত, ১৩ গৰাকী দ্বিতীয় বিভাগত আৰু দুই গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হৈছে।
অঞ্চলবাসী ৰাইজে এই ফলাফলৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ টুইথিং চিমৰে আৰু শিক্ষক-শিক্ষয়িত্রী সকলক অভিনন্দন জনাইছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ