Thursday, April 25, 2024
HomePHOTOGRAPHYঐতিহাসিক বৰদুৱাৰ মৌজাৰ ঘিলাবাৰীস্থিত শ্ৰীশ্ৰীবুঢ়া গোঁসাই দেৱালয় সত্ৰত সুঁৱৰী উৎসৱ

ঐতিহাসিক বৰদুৱাৰ মৌজাৰ ঘিলাবাৰীস্থিত শ্ৰীশ্ৰীবুঢ়া গোঁসাই দেৱালয় সত্ৰত সুঁৱৰী উৎসৱ

প্ৰকাশিত তাৰিখঃ ২১ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ অন্তৰ্গত ঐতিহাসিক বৰদুৱাৰ মৌজাৰ কেইবাখনো দেৱালয় সত্ৰ লগলাগি অসমীয়া নৱবৰ্ষৰ ৬ ব’হাগত লোহাৰঘাটৰ বিৰোগাঁৱত সুঁৱৰী উৎসৱ পালন কৰি আহিছে। এই পৰম্পৰা ১৬২৭ খ্ৰীষ্টাব্দৰ পৰা নিয়মীয়াভাৱে চলি আহিছে। কিন্তু দূৰ–দূৰণি গাঁৱৰ পৰা গোঁসাই অনা–নিয়াৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সৃষ্টি হোৱা বাবে ১৯৮৯ চনৰ পৰা ১৩খন সমাজৰ গোঁসাই লগলাগি ঘিলাবাৰীস্থিত শ্ৰীশ্ৰীবুঢ়া গোঁসাই দেৱালয় সত্ৰত এই সুঁৱৰী উৎসৱ সুকীয়াকৈ পালন কৰি আহিছে। ১৬২৭ খ্ৰীষ্টাব্দত স্থাপন হোৱা শ্ৰীশ্ৰীবুঢ়া গোঁসাই দেৱালয় সত্ৰৰ উদ্যোগত আয়োজন কৰা সুঁৱৰী উৎসৱৰ বাকৰিত বিহু, জনজাতীয় নৃত্য, গীত–মাতৰো অনুষ্ঠান প্ৰদৰ্শন কৰ হয়।

আলোকচিত্ৰঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward