প্ৰকাশিত তাৰিখঃ ৩১ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন। এই নিৰ্বাচনকলৈ এতিয়া ৰাষ্ট্ৰীয়, আঞ্চলিক ৰাজনৈতিক দল সমুহৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা। ২১ মাৰ্চত পশ্চিম গুৱাহাটী সমষ্টিৰ ৩৫নং শিলপোতা সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে পৰ্যটন, পঞ্চায়ত আৰু গ্ৰামন্নোয়ন মন্ত্ৰী ৰঞ্জিত দাসে।
দক্ষিণ কামৰূপৰ নিৰ্বাচনী তত্বাৱধায়ক বিকাশ বড়োই আঁত ধৰা লংছাই গাঁৱৰ নটুৱা ঝাপা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী দাসে কয়– ৰাভা হাছং এলেকাবাসীয়ে আমাক কিহৰ আশাত ভোট দিব? তাৰ কাৰণ নিশ্চয় থাকিব লাগিব। তেওঁ কয়– দিছপুৰত আমাৰ চৰকাৰ, দিল্লীত আমাৰ চৰকাৰ। গতিকে ৰাভা হাছঙতো যদি আমাৰ নেতৃত্বাধীন চৰকাৰ এখন গঠন হয় তেনেহ’লে পৰিষদীয় এলেকাটোৰ উন্নয়নত যথেষ্ট সুবিধা হ’ব। তেওঁ কয়– অকল গুৱাহাটী, পলাশবাৰী, মিৰ্জাখন উন্নয়ন হ’লেই নহ’ব। শিলপোতা সমষ্টিখনো উন্নয়ন হ’ব লাগিব। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছঙৰ বাবে যিমান উন্নয়ন কৰিব লাগে সেয়া চেষ্টা কৰিছে। তেওঁ কয়– কমলেশ্বৰ ৰাভা চানডুবি উৎসৱ তথা ঐতিহাসিক বিলখনৰ উন্নয়নৰ ক্ষেত্ৰত অহৰহ লাগি থকা যুৱক। কমলেশ্বৰ ৰাভাৰ দৰে উৎসাহী যুৱক শিলপোতা সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠিয়ালে অনাগত দিনত নিশ্চয় চানডুবি বিলখনৰ আৰু অধিক উন্নয়ন হ’ব। গতিকে সমষ্টিবাসীয়ে কমলেশ্বৰ ৰাভাৰ দৰে যুৱকক সমষ্টিটোৰ পৰা নিৰ্বাচিত কৰি পঠিয়াওক।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে পৰিষদীয় সমষ্টিটোৰ জিমিৰিগাঁৱৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।
উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি, হিমাংশু শেখৰ বৈশ্য, কৌশিক তালুকদাৰ, দীপেন কলিতা লগতে ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিনয় ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিচিত্ৰ ৰাভা আদি কৰি ৰাভা জাতীয় সংগঠন সমূহৰ বিভিন্ন বিষয়ববীয়া, সদস্য আৰু অঞ্চলটোৰ ৰাইজে অংশ গ্ৰহণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ