Saturday, April 27, 2024
HomeNEWSলোহাৰঘাটৰ জুপাংবাৰী বন–ধন বিকাশ কেন্দ্ৰত কাঠফুলা প্ৰশিক্ষণ

লোহাৰঘাটৰ জুপাংবাৰী বন–ধন বিকাশ কেন্দ্ৰত কাঠফুলা প্ৰশিক্ষণ

প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জুপাংবাৰীত কাঠফুলা খেতিৰ ওপৰত এলানী প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। জুপাংবাৰী বন–ধন বিকাশ কেন্দ্ৰৰ সহযোগত আৰু গুৱাহাটীৰ লালমাটিত অৱস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে (আই আই ই) এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। যোৱা ২৪ নৱেম্বৰৰ পৰা  চাৰি দিনীয়াকৈ অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত ৩০ জনকৈ সদস্যই অংশ গ্ৰহণ কৰে। উল্লেখনীয় যে, জুপাংবাৰী বন–ধন বিকাশ কেন্দ্ৰত জৰামুখুৰীয়া, গাড়ীলিক, ৰঙামাটি, টেঙাখাল, পুইজালা আদিকৰি ৩০টাকৈ আত্মসহায়ক গোট আছে। উক্ত গোটৰ পৰা একোজনকৈ সদস্যই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

দিপুল হালৈয়ে মুখ্য প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰি কাঠফুলা খেতিৰ সম্ভাৱনা, সংৰক্ষণ আৰু বিপণনৰ ওপৰত বিশেষভাৱে শিক্ষাদান কৰে। তেখেতে ব্যক্ত কৰে যে– অসমত উৎপাদিত কাঠফুলা দেশ–বিদেশত সমাদৰ লাভ কৰিছে। তদুপৰি স্থানীয় বজাৰতো কাঠফুলাৰ চাহিদা বৃদ্ধি পাইছে। সেয়ে এই খেতিবিধৰ ওপৰত আত্মনিয়োগ কৰিব পাৰিলে ইয়াৰ জৰিয়তে স্বাৱলম্বনৰ বাট মুকলি কৰিব পাৰি। প্ৰশিক্ষণ লাভকৰা প্ৰতিগৰাকী সদস্যই এসময়ত কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হ’ব বুলিও প্ৰশিক্ষক হালৈয়ে আশা প্ৰকাশ কৰে।

আজি প্ৰশিক্ষণৰ অন্তিম কাৰ্যসূচী উপলক্ষে জুপাংবাৰী আঞ্চলিক জনজাতীয় আত্মসহায়ক গোটৰ সভাপতি অজয় চিনালৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত– জুপাংবাৰী বন–ধন বিকাশ কেন্দ্ৰৰ সম্পাদিকা ভাৰতী ৰাভা, ১০১ নং ৰাজাপাৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰহিমা ৰাভা, খোখাপাৰা আঞ্চলিক যুৱ সংঘৰ সম্পাদক প্ৰণৱ কুমাৰ ৰাভা লগতে অঞ্চলটোৰ বিভিন্ন ব্যক্তি উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward