Saturday, April 20, 2024
Homeবাতৰিকাৰ্বি আংলং জিলাত উচ্চমানৰ প্লেটিনাম ধাতুৰ ভাণ্ডাৰ আৱিস্কাৰ

কাৰ্বি আংলং জিলাত উচ্চমানৰ প্লেটিনাম ধাতুৰ ভাণ্ডাৰ আৱিস্কাৰ

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৮

চি এন ডেক্স  

ভাৰতৰ অৰ্থনীতিত আৰু এটি মূল্যবান সম্পদ যোগ হোৱাৰ পথত। সম্প্ৰতি কাৰ্বি আংলং জিলাৰ অতি দূৰ্গম অঞ্চলত অতি উচ্চমানৰ ধাতু প্লেটিনামৰ অৱস্থিতি ধৰা পৰিছে। অসমৰ কয়লা, খাৰুৱা তেল আদি খনিজ পদাৰ্থৰ লগত প্লেটিনামৰ নতুন সংযোজনে ভাৰতৰ অৰ্থনীতি টনকিয়াল কৰি তুলিব। সেয়ে মূল্যবান প্লেটিনাম ভাণ্ডাৰৰ অৱস্থিতিয়ে স্বাভাৱিকতে অসমক দেশৰ ভিতৰতে ধনী ৰাজ্যত পৰিণত কৰিব এয়া ৰাজ্যৰ বাবে সু–খবৰ।

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ ভূ–তত্ত্ববিদ তথা প্রায়োগিক ভূ–তত্ত্ব বিভাগৰ গুৰু (ডীন) ড দিলীপ মজুমদাৰে এইকথা সংবাদ মাধ্যমক অৱগত কৰে। তেখেতে কয় যে– পৃথিৱীৰ অতি কমসংখ্যক স্থানতহে আছে এই প্লেটিনাম ধাতুবিধ। প্লেটিনামৰ অৱস্থিতি ধৰা পেলাবলৈ উচ্চমানৰ স্কেনিং ইলেক্ট্রন মাইক্র’স্কোপৰ দ্বাৰা অত্যাধুনিক সা–সুবিধা যুক্ত বিজ্ঞানাগাৰত গৱেষণা কৰা হৈছে। এই গৱেষণাৰ পিচতহে উচ্চমানৰ ধাতুবিধৰ সন্ধান পোৱা যায়। প্লেটিনামৰ সন্ধান লাভৰ বাবে তেখেতৰ নেতৃত্বত এটা দলে ২০০৭ চনৰে পৰাই কাৰ্বি আংলং জিলাত গৱেষণা চলাই আছিল।  

উল্লেখযোগ্য যে, বিশ্বৰ ভিতৰত সবাতোকৈ বেছি প্লেটিনাম আহৰণ কৰা হয় দক্ষিণ আফ্ৰিকাৰ বছভেণ্ডত থকা খনিৰ পৰা। বিশ্বত প্ৰয়োজন হোৱা প্লেটিনামৰ ৮০ শতাংশই পূৰণ কৰা হয় দক্ষিণ আফ্ৰিকাৰ পৰা। বাকী অংশ  ভাৰতবৰ্ষৰ ওডিশাৰ বাউলা নোৱাচাহিৰ খনিৰ পৰা আহৰণ কৰা হয়।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward