প্ৰকাশিত তাৰিখঃ ২ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যণালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ দ্বাৰা ২৯ মে’ৰ পৰা সমগ্ৰ দেশ জুৰি আৰম্ভ হৈছে বিকশিত কৃষি সংকল্প অভিযান। এই অভিযানৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘লাভ টু লেণ্ড’ মন্ত্রক বাস্তৱ ৰূপ দিয়া। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা অনুসৰি এই কাৰ্যসূচী ১২ জুনলৈকে চলিব।
উল্লেখ্য যে এই কাৰ্যসূচীত অসম সহ দেশৰ ৭ শতাধিক জিলা সামৰি লৈছে। দুই হাজাৰৰ অধিক কৃষি বিজ্ঞানীয়ে ভাগ লোৱা এই অভিযানত ডেৰ কোটি কৃষকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰি কৃষি খণ্ডত নতুন প্ৰযুক্তি আৰু চৰকাৰী আঁচনিৰ তথ্য কৃষকক প্ৰদান কৰিব। সেই অনুসৰি– ৩০ মে’ত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম-মেঘালয় সীমাঞ্চলৰ জিমিৰিগাঁৱৰ ৰাজহুৱা সভাগৃহত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়।
গুৱাহাটীৰ কাঁহিকুছিস্থিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ গুৱাহাটী মণ্ডল, কামৰূপ জিলা কৃষি বিভাগ আৰু মীন বিভাগৰ যৌথ সহযোগত এই সভা আয়োজন কৰা হয়। সভাত কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসা বিজ্ঞানী ডাঃ ইলাক্ষী ডেকা, ন’ডেল কৃষি বিষয়া ডঃ মধুস্মিতা ডেকা, ৰাণী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্বতী শৰ্মা, কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুৎ বৰ্মনে সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
সভাত সমল ব্যক্তি সকলে ধান, কমলা, শাক পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতি আৰু তাৰ লগত উপযোগী মাটিত মৎস্য পালন কৰি কি দৰে উপাৰ্জন বৃদ্ধি কৰিব পাৰি তাৰ বিশদ বাখ্যা দাঙি ধৰে। ইয়াৰোপৰি কৃষকৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকল কেনেকৈ অধিক লাভৱান হ’ব পাৰি সেই সন্দৰ্ভতো বহল ব্যাখ্যা আগবঢ়ায়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ