Wednesday, April 17, 2024
Homeবাতৰিখিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গুৱাহাটীত বিশাল গণসমাবেশ

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গুৱাহাটীত বিশাল গণসমাবেশ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব আইন সংশোধনীৰ তীব্ৰ বিৰোধীতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯টা জাতি–জনগোষ্ঠীয় সংগঠনে যোৱা ১ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰে এখন বিশাল গণ সমাবেশৰ।

কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত হিন্দু বাংলাদেশী অবৈধভাৱে জাপি দিব খোজা এই অসম বিৰোধী বিধেয়কখন কোনো কাৰণতে গৃহীত কৰিবলৈ নিদিয়াৰ বাবে গণসমাবেশে সকিয়াই দিয়ে চৰকাৰক। তাৰ পৰিৱৰ্তে অসম চুক্তিৰ দফা সমূহ সম্পূৰ্ণৰূপে ৰূপায়ন কৰা ধেমাজি জিলাৰ চিলাপথাৰ কাণ্ডত জড়িত থকা অভিযুক্তসকলক কঠোৰ শাস্তিৰ দাবীতহে উত্তাল হৈ পৰে মহানগৰীৰ ৰাজপথ।

আছু’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই স্পষ্টভাৱে উল্লেখ কৰে যে– বাংলাদেশী হিন্দুৱে হওক অথবা মুছলিমেই হওক কোনো কাৰণতে অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ’ব। বাংলাদেশীৰ বহু বোজা বহন কৰিলে অসমে আৰু এক নতুন বোজা বহন কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসম প্ৰৱেশ কৰা বাংলাদেশীবোৰক চিনাক্ত কৰি বিতাৰণ এই বিশাল প্ৰতিবাদী সমাবেশত অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ ২৯টা সংগঠনে অংশ গ্ৰহণ কৰে। সেইবোৰ হ’ল– সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, মিচিং মিমাগ কেবাং, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ ডিমাচা ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, এনচি হিলচ ইনডিজিনিয়াছ ষ্টুডেণ্টচ্ ফ’ৰাম, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম মদাহী ছাত্ৰ সন্থা আদি।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward