Friday, March 29, 2024
HomeNEWSগুৱাহাটীত অনুষ্ঠিত ড০ অজিত কুমাৰ ভাগৱতী সোৱৰণী ‘ইণ্ডিয়া প’লট্ৰি এক্সপ’– ২০২২

গুৱাহাটীত অনুষ্ঠিত ড০ অজিত কুমাৰ ভাগৱতী সোৱৰণী ‘ইণ্ডিয়া প’লট্ৰি এক্সপ’– ২০২২

প্ৰকাশিত তাৰিখঃ ১৯ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

সদৌ অসম হাঁহ–কুকুৰা পালক আৰু ব্যৱসায়ী সংস্থা আৰু অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত হয় ড অজিত কুমাৰ ভাগৱতী সোৱৰণী ‘ইণ্ডিয়া প’লট্ৰি এক্সপ’– ২০২২’। যোৱা ১৪ ছেপ্টেম্বৰৰপৰা ১৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক্সপ’ খনত দেশৰ বহু সংখ্যক উদ্যমী, অনুষ্ঠান–প্ৰতিষ্ঠান লগতে পশুপালক সকলে অংশ গ্ৰহণ কৰে।

অসম পশুধন আৰু হাঁহ–কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই এক্সপ’ শুভ উদ্বোধন লগতে স্মৰণিকা পত্ৰ উন্মোচন কৰে। উক্ত অনুষ্ঠানত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীন ড বিবেকানন্দ শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড নিৰঞ্জন কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া ড অতুল বৰগোহাঁই, পশু চিকিৎসা বিভাগৰ উপ–সঞ্চালক ড জ্যোতি কলিতা, ভাৰতীয় প’লট্ৰি ফেডাৰেচনৰ সভাপতি ৰানপাল ধাণ্ডা, পশ্চিমবঙ্গ প’লট্ৰি ফেডাৰেচনৰ সাধাৰণ সম্পাদক মদন মোহন মাইটি, অসম বাণিজ্য উন্নয়ণ সংস্থাৰ অধ্যক্ষ সুনীল ডেকা আদি উপস্থিত থাকে।

উল্লেখনীয় যে, প্ৰস্তুতকাৰী কোম্পানী, বিক্ৰেতাসকলে এক্সপ’খনত পশুধন আৰু হাঁহ–কুকুৰাৰ খাদ্য, বিভিন্ন বেমাৰৰ ঔষধ, ভেকচিন লগতে অত্যাধুনিক সা–সঁজুলি সমূহ প্ৰদৰ্শন কৰে। এই এক্সপ’খনতে উত্তৰ–পূৰ্বাঞ্চলৰ পশুপালন ক্ষেত্ৰখনৰ তিনিজন উদ্যমীক সম্বৰ্ধনা জ্ঞাপন কৰে। অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ পশুপালক সকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প’লট্ৰি এক্সপ’খনিয়ে এক উৎসাহজনক ভূমিকা পালন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। এক্সপ’খনৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward