Thursday, April 18, 2024
Homeবাতৰিগোলাপ ৰাভাই মিষ্টাৰ ৱৰ্ল্ড খিতাপেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে

গোলাপ ৰাভাই মিষ্টাৰ ৱৰ্ল্ড খিতাপেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে

প্ৰকাশিত তাৰিখঃ ২৯ অক্টোবৰ, ২০১৮  

চি এন ডেক্স

শুকুৰবাৰ, দিনৰ ঠিক ১২.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় মিষ্টাৰ ৱৰ্ল্ড অসম সন্তান গোলাপ ৰাভা। তেখেতক আদৰিবলৈ বিমান বন্দৰত প্ৰায় দুঘণ্টা আগৰে পৰা অপেক্ষা কৰি আছিল অসংখ্য গুণমুগ্ধই।

লাউঞ্জৰ পৰা বাহিৰ হোৱাৰ লগে লগে ওপচাই দিয়ে পুষ্পবৃষ্টিৰে। ঢোল, পেঁপা, মাদলৰ শব্দই মুখৰিত কৰি বিমান বন্দৰৰ চৌপাশ। শৰীৰ চৰ্চাবিদগৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে হেতা ওপৰা লাগে গুণমুগ্ধ সকলৰ মাজত।

বিমান বন্দৰ চৌহদত মিঃ ৱৰ্ল্ড গোলাপ ৰাভাক বিভিন্ন দল, সংগঠনে জাপি, ফুলৰ থোপা, গামোচা, পাজাৰ, আঁৰনাই আদিৰে আদৰণি জনোৱাৰ পিচত খোলা জীপ এখনত উঠাই বাহিৰলৈ লৈ আহে। গাড়ীৰ আগে–পিছে আয়তীসকলৰ নাম, মংগল ধ্বনি। তেনেকৈয়ে কিছুদূৰ আদৰি অনাৰ পিচত পূষ্পসজ্জিত গাড়ী এখনত উঠাই গৃহ চহৰ বকো অভিমুখে আগবাঢ়ে।

বিমান বন্দৰৰ পৰা ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গোলাপ ৰাভাৰ গৃহ চহৰ দক্ষিণ কামৰূপৰ বকোলৈ শোভাযাত্ৰা কৰি আদৰি আনে। ৰাষ্ট্ৰীয় পথৰ মিৰ্জা, বিজয় নগৰ, ছয়গাওঁ, গোৱৰ্ধন, বামুণীগাওঁ, কেম্প, আগছিয়া আদিত মিঃ ৱৰ্ল্ডগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

গৃহ চহৰ বকোত উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোত এক উচৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। নিখিল ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা সম্বৰ্ধনা সভাত অঞ্চলটোৰ প্ৰায় ৫০টাতকৈও অধিক সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনাৰ অন্তত চহৰখনৰ পৰা নিজ গাওঁ কালীয়াবড়িলৈ শোভাযাত্ৰা কৰি আনে।

উল্লেখযোগ্য যে, ৱৰ্ল্ড ব’ডি বিল্ডিং ফেডাৰেশ্যন (ডব্লিউ এফ এফ)য়ে ১৯ ৰ পৰা ২১ অক্টোবৰলৈ ইউৰোপৰ লিথুৱানিয়া চহৰত আয়োজন কৰা শৰীৰচৰ্চা প্ৰতিযোগিতাত গোলাপ ৰাভাই অংশ গ্ৰহণ কৰিছিল। প্ৰতিযোগিতা খনত ৮০ কেজিৰ শাখাত মেন ব’ডি বিল্ডিং, মেন মাচুল ম’ডেল আৰু প্ৰ’ মিঃ ৱৰ্ল্ড শাখাত সোণৰ পদক অৰ্জনৰ পিচতেই মিষ্টাৰ ৱৰ্ল্ড খিতাপ তেখেতলৈ আগবঢ়ায়। সমগ্ৰ বিশ্বৰ আগশাৰীৰ বহুকেইগৰাকী শৰীৰচৰ্চাবিদক পৰাজিত কৰি তেখেতে এই পদক লাভ কৰিবলৈ সক্ষম হৈছিল। সমগ্র বিশ্বৰ ভিতৰত সোণৰ পদক জিনি নিজ ৰাজ্য তথা দেশৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হ’ল গোলাপ ৰাভাই। ২০১৭–১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৮ বৰ্ষত মিষ্টাৰ এছিয়া খিতাপ অৰ্জন কৰা গোলাপ ৰাভাই শেষত মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন কৰি সোণৰ পদকেৰে বিশ্ব জয় কৰিলে।  

 

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Photo Courtesy: Prabhat Rabha, Staff Photographer

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward