Friday, April 26, 2024
Homeবাতৰিচীনৰ আবতৰীয়া বানত ক্ষতিগ্ৰস্ত অসম

চীনৰ আবতৰীয়া বানত ক্ষতিগ্ৰস্ত অসম

প্ৰকাশিত তাৰিখঃ ২২ অক্টোবৰ, ২০১৮

চি এন ডেক্স

চীনত পাহাৰ ভূমিস্খলন হোৱাৰ ফলত য়াৰলং চাংপো নদীত সৃষ্টি হয় এক কৃত্ৰিম বান্ধৰ। এই বান্ধৰ ওপৰেৰে অধিক হাৰত বাগৰি অহা পানীয়ে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীত সৃষ্টি কৰে আবতৰীয়া বানৰ। ক্ৰমে ভয়ঙ্কৰ ৰূপ লৈ চিয়াঙৰ বুকুৰে ব্ৰহ্মপুত্ৰলৈ নামি অহা এই আবতৰীয়া বানৰ ফলত ৰাজ্য দুয়োখনৰ নৈপৰীয়া ৰাইজ আতংকত সময় অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই আবতৰীয়া বানে উত্তৰ অসমৰ ধেমাজি জিলাৰ বহুকেইখন গাওঁ ক্ষতিগ্ৰস্ত কৰিছে। বিশেষকৈ জিলাখনৰ জোনাই মহকুমাত প্ৰায় দহখনৰো অধিক গাওঁ প্লাৱিত হোৱাত তাৰ পৰিয়ালবোৰে মথাউৰী আৰু ওখ ঠাইত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে।   

উল্লেখ্য যে, চীনৰ পাহাৰ স্খলন হৈ কৃত্ৰিম বান্ধৰ সৃষ্টি হোৱাৰ কথা চীন প্ৰশাসনে নতুন দিল্লীক অৱগত কৰা বুলি এক সূত্ৰত প্ৰকাশ। সেই সূত্ৰৰ আলমত কেন্দ্ৰীয় জল আয়োগে লগে লগে অসম আৰু অৰুণাচল প্ৰদেশলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰে। এই বাৰ্তাৰ আতধৰি ৰাজ্য দুয়োখনৰ প্ৰশাসনে বানৰ ফলত উদ্ভদ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। অত্যাধুনিক সা–সৰঞ্জাম লৈ অৰুণাচলৰ পাচিঘাটত এন ডি আৰ এফ আৰু অসমৰ জোনাইত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনী সস্তম হৈ আছে।

বানৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো বিপদৰ আশংকা প্ৰকাশ কৰি শোণিতপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত প্ৰশাসনে হাই এলাৰ্ট জাৰী কৰিছে –

ব্ৰহ্মপুত্ৰৰ জলপ্ৰলয় সৃষ্টিৰ আশংকাত শোণিতপুৰ জিলা প্ৰশাসনে নাওঁ চলাচল বন্ধ ৰাখিছে। তদুপৰি নদী আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক সাজু কৰি ৰখা বুলি জিলা উপায়ুক্তৰ এক সূত্ৰত প্ৰকাশ।

ব্ৰহ্মপু্ত্ৰৰ জলস্তৰ বৃদ্ধিৰ যিকোনো পৰিস্থিতি চম্ভালিবলৈ অত্যাধুনিক সা–সৰঞ্জামসহ এন ডি আৰ এফ বাহিনীক সাজু কৰি ৰখা বুলি ডিব্ৰুগড় জিলা প্ৰশাসনে এক সুত্ৰত প্ৰকাশ কৰিছে।            

যিকোনো মুহুৰ্তত জলপৃষ্ঠ বাঢ়ি অহাৰ সম্ভাৱনাত তিনিচুকীয়া জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ–নৈ সমূহত মাছ মৰা, নাওঁ চলোৱা, সাঁতোৰা, নদীৰ কাষত থকা, খৰি বিচৰা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰৰ লাইকা দধিয়াবাসীকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। এছ ডি আৰ এফ, এন ডি আৰ এফৰ উদ্ধাৰকাৰী বাহিনীসমূহক সকলো সময়তে সাজু কৰি ৰখা বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ।

ইপিনে, নতুন দিল্লীৰ বাৰ্তা লাভৰ পিচতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানৰ ফলত সৃষ্টি হ’বপৰা যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ কাৰণে সকলো পক্ষকে সাজু কৰি ৰাখিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত এন ডি আৰ এফ বাহিনীক মোতায়েন কৰিছে। চাপৰি এলেকাত উদ্ধাৰ কাৰ্য চলাবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ নাওঁ আৰু দধিয়া চাপৰিৰ বাবে   অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীৰ ব্যৱস্থা কৰিছে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward