Thursday, April 18, 2024
Homeবাতৰিজাপানৰ কোম্পানীয়ে বিটিচি’ৰ মুগা–এৰী সূতা ক্ৰয় কৰিব

জাপানৰ কোম্পানীয়ে বিটিচি’ৰ মুগা–এৰী সূতা ক্ৰয় কৰিব

প্ৰকাশিত তাৰিখঃ ৬ আগষ্ট, ২০১৮

চি এন ডেক্স

জাপানৰ ওছাকাত যোৱা ১৮ জুলাইৰ পৰা ২০ জুলাইলৈ অনুষ্ঠিত হৈছিল ৩৯ সংখ্যক ইণ্ডিয়া গাৰ্মেণ্ট ফেয়াৰ আৰু প্ৰথম ৰেচ মেলা। এই মেলাত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিলৰ ৰেচম বিভাগৰ সঞ্চালক ডা যোগেশ দেউৰীয়ে অংশগ্ৰহণ কৰি এক আশাৰ বতৰা কঢ়িয়াই অনা বুলি জানিবপৰা গৈছে।  

উক্ত মেলাত বিটিচি’ত উৎপাদিত মুগা–এৰী সূতাৰ মান, গুণাগুণ প্ৰত্যক্ষ কৰাৰ পিচত ছান ব্ৰাইট ট্ৰেডিং কৰ্প’ৰেচন, কুনিকো কায়ামা ছাল্কেছেইৰেন কৰ্প’ৰেচন, মূৰাটা, কিঅ’ট’ আদি জাপানৰ বহুকেইটা শীৰ্ষস্থানীয় কোম্পানীৰ বিষয়াই উৎসাহিত হৈ পৰে। উৎসাহিত হৈ পৰা এই কোম্পানী কেইটাই বিটিচি’ত উৎপাদিত উন্নত মান সম্পন্ন মুগা–এৰী সূতা ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিটিচি’ৰ ৰেচম সঞ্চালকৰ কাৰ্যালয়লৈ এক পত্ৰ প্ৰেৰণ কৰা বুলি সঞ্চালক দেউৰীয়ে প্ৰকাশ কৰে।

জাপানৰ কোম্পানীকেইটাই যদি বিটিচি’ত উৎপাদিত উন্নত মান সম্পন্ন মুগা–এৰী সূতা নিশ্চিতভাৱে ক্ৰয় কৰে তেনেহ’লে এই সামগ্ৰীবিধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত দখল লাভ কৰিব। য’ত বিটিচি’ৰ লগতে ৰাজ্যৰ অন্যান্য মুগা–এৰী পালকসকল যথেষ্টভাৱে উপকৃত হ’ব বুলি আশা কৰিব পাৰি।    

জাপানৰ টকিঅ’স্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুজন চিনয়ে উক্ত মেলাত অংশগ্ৰহণ কৰা বুলি সদৰি কৰিছে সঞ্চালক দেউৰীয়ে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward