Saturday, April 20, 2024
HomeUncategorizedজুপাংবাৰী জনজাতীয় বনংৰক্ষণ যুৱক সংঘৰ ভোগালীৰ অনুষ্ঠান পালন

জুপাংবাৰী জনজাতীয় বনংৰক্ষণ যুৱক সংঘৰ ভোগালীৰ অনুষ্ঠান পালন

প্ৰকাশিত তাৰিখঃ ১৮ জানুৱাৰী, ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজ ৰিপ’ৰ্ট

পলাশবাৰী সমষ্টিৰ এখন গাঁও জুপাংবাৰী। জুপাংবাৰী ঐতিহাসিক চানডুবি বিলৰ উত্তৰ দিশত অৱস্থিত। চানডুবি বিল সৃষ্টিৰ আগতে মাত্ৰ সাতটা পৰিয়ালেৰে এই গাঁওখন গঠন হৈছিল। বৰ্তমান গাঁওখনৰ পৰিয়ালৰ সংখ্যা ৫৫টা।

আজি দুবছৰ আগতে গাঁওখনৰ যোগাযোগৰ মূল পথটো পকীকৰণ হৈছে। তাৰ আগলৈকে গাঁওখনৰ মানুহে কেঁচা আলি বাটেৰে যাতায়ত কৰিছিল। বিশেষকৈ বাৰিষাকালত ভোগকৰি অহা নৰক যন্ত্ৰণাবোৰ ৰাইজৰ আজিও ভালকৈ মনত আছে।

জুপাংবাৰী গাঁওখনৰ যাতায়তৰ মূল পথটো পকীকৰণৰ লগে লগে ঠাইখনে এক সুকীয়া পৰিচিতি লাভ কৰিলে। গাড়ীলিক নামৰ ঠাইখনৰ পৰা আৰম্ভ হোৱা পথটো চানডুবিৰ পশ্চিম পাৰত অৱস্থিত জৰামখুৰীয়া গাঁৱখনত সংযোগ ঘটিছে। সেয়ে চানডুবিলৈ অহা পৰ্যটকসকলে বৰ্তমান এই পথটোকে ব্যৱহাৰ কৰিবলৈ লৈছে।

আজি জুপাংবাৰী পৰ্যটকৰো কেন্দ্ৰবিন্দু হৈ পৰিছে। গাঁওখনত দুটাকৈ ইক’কেম্প আৰু এটা ষ্টে’হোম গঢ়ি তুলিছে। এই সুবিধা উপভোগ কৰিবলৈ গাঁওখনলৈ পৰ্যটকৰ আগমণ ঘটিছে।

জুপাংবাৰী জনজাতীয় বন সংৰক্ষণ যুৱক সংঘ নামৰ এটি সংগঠন গঢ়ি তুলিছে গাঁওখনৰ যুৱ সমাজে। গাঁওখনৰ প্ৰতিভা বিকাশৰ বাবে এই সংগঠনটোৱে চিন্তা–চৰ্চা কৰে। ইয়াত বয়োজ্যেষ্ঠ সকলেও সমানে সহযোগ কৰে। এই সংগঠনটোৰ নেতৃত্বতে শিল্পী দিৱসৰ স’তে সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে ভোগালীৰ অনুষ্ঠান পালন কৰি আহিছে। এই অনুষ্ঠানত পৰম্পৰাগত খেল–ধেমালিৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰি আহিছে। ভোগালী অনুষ্ঠান এইবাৰ বিশ বছৰত ভৰি দিছে।

Link::

Youtube>> https://www.youtube.com/watch?v=CTyQ_CJBQpE

Facebook Page>> https://www.facebook.com/watch/?v=617922909492727

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward