Thursday, April 18, 2024
HomeUncategorizedঅসম–মেঘালয়ৰ দীৰ্ঘ দিনীয়া সীমা সমস্যা সমাধানৰ দিশত এখোজ

অসম–মেঘালয়ৰ দীৰ্ঘ দিনীয়া সীমা সমস্যা সমাধানৰ দিশত এখোজ

প্ৰকাশিত তাৰিখঃ ২১ জানুৱাৰী, ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজৰ ৰিপ’ৰ্ট –

সৌ সিদিনালৈকে মেঘালয় অসমৰে এখন জিলা হৈ আছিল। প্ৰশাসনিকভাৱে যাৰ নাম আছিল সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা। ভাৰত চৰকাৰে উত্তৰ–পূব অঞ্চল পুনৰ গঠন আইন– ১৯৭১ অনুসৰি সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলাক সামৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত সুকীয়া মেঘালয় ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে।

মেঘালয়ে সুকীয়া ৰাজ্যৰ স্বীকৃতি পালে সঁচা। কিন্তু ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ সমাধান আজিও নহ’ল। সীমা বিবাদক লৈ দুয়ো ৰাজ্যৰ মাজত উত্তেজনাপূৰ্ণ ঘটনাও ঘটি গৈছে বিভিন্ন সময়ত।

অসম–মেঘালয় সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত কইনাধৰাত এখনি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল। য’ত উপস্থিত থাকে দুয়ো ৰাজ্যৰ মন্ত্ৰী –বিধায়ক, প্ৰশাসনীয় বিষয়া আৰু আমাৰ ৰাজ্যখনৰ বিভিন্ন দ’ল–সংগঠনৰ প্ৰতিনিধি। এই বৈঠকতে এৰা–ধৰাৰ মাজেৰে অসম–মেঘালয় সীমা সমস্যা সমাধানৰ দিশত এখোপ আগবাঢ়ে।

পশ্চিম গুৱাহাটীৰ উমচুৰ, বাটাবাৰী, শালসেৰ, মাটাইখাৰ, বিলপাৰা, পাটগাঁও, জিমিৰিগাঁও, বাখালাপাৰা, কুণ্ডিল নগৰ, লংছাই, ভালাখোৱা, মুদুকী আদি গাঁও মেঘালয় সীমাৰ সৈতে সংযুক্ত। বৈঠকৰ সিদ্ধান্ত অনুসৰি কামৰূপ জিলাৰ এই গাঁওকেইখনৰ ভিতৰত বাখালাপাৰাৰ কিছু অঞ্চল মেঘালয়ৰ অধীন হ’ব বুলি চৰকাৰী প্ৰতিনিধিয়ে ঘোষণা কৰিছে।

বাখালাপাৰা গাঁওখন তিনি বছৰ আগলৈকে অতি পিছপৰা অঞ্চল হৈয়েই আছিল। ৰাষ্টা–ঘাত পকীকৰণ, বিজুলী–বাতিৰ ব্যৱস্থা আজিহে হ’ল। দেশ স্বাধীনতাৰ পিছৰেপৰা নৰক যন্ত্ৰণাত ভূগি থকা অঞ্চলটোৰ মানুহখিনিৰ অৱস্থা কিন্তু কংগ্ৰেছ, অগপ কোনো এখন চৰকাৰে বুজিবলৈ চেষ্টা কৰা নাছিল।

বিগত কালছোৱাত অসমৰ চৰকাৰ সমূহে অঞ্চলটোৰ মানুহখিনিক কৰি অহা বঞ্চনাখিনিকে মেঘালয় চৰকাৰে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। সেই অনুসৰি– সীমান্তত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন কৰি অসমীয়া শিক্ষক নিযুক্তি দিছিল। ৰাষ্টাঘাত পকীকৰণ, বিজুলী–বাতি, খোৱা পানীৰ সূচল ব্যৱস্থা কৰি দিছিল।   

বঞ্চনা ভৰা এক সুদীৰ্ঘকালৰ পিছত বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সীমান্তবাসীয়ে আস্থা প্ৰকাশ কৰিছে। চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সীমান্তবাসীয়ে মানি ল’বলৈ প্ৰস্তুত। অতি পূৰ্বৰে অঞ্চলটোৰ সীমাৱৰ্তী গাঁওকেইখন অসমৰ লগতে আছিল, এতিয়াও আছে। কাহানিও মেঘালয়ৰ লগত নাছিল। পৰিস্থিতি সাপেক্ষে মেঘালয়ৰ পৰা কিছু্ সা–সুবিধা গ্ৰহণ কৰিছে, সেয়া সঁচা কথা। কিন্তু সেই কাৰণত সীমান্তবাসী মেঘালয়ৰ অধীন হ’বলৈও অনিচ্ছুক। কাৰণ মেঘালয়ৰ অধিবাসী হোৱাৰ লগে লগে তেওঁলোকে ভাষিক, প্ৰশাসনিক লগতে বিভিন্ন সমস্যাত ভূগিব। কামৰূপৰ পৰা গুছি গ’লেই তেওঁলোক ৰি–ভয় জিলাৰ বাসিন্দা হ’ব। সেয়ে তেওঁলোকে সাধাৰণ আয়ৰ প্ৰমাণ পত্ৰ এখন সংগ্ৰহ কৰিবলৈও শ্বিলঙৰ নংপোলৈকে ঢাপলি মেলিব লাগিব। যিটো কাম মিৰ্জাত হৈছিল সেইটো কামৰ কাৰণে নংপোলৈ ঢাপলি মেলিব লাগিব।

Link::

Youtube>>  << ইয়াত ক্লিক কৰক >>

Facebook Page>> << ইয়াত ক্লিক কৰক >>

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward