Thursday, April 25, 2024
HomeNEWSশ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী আশ্ৰমৰ পাহাৰখন সেউজীয়া কৰি ৰখাৰ আহ্বান

শ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী আশ্ৰমৰ পাহাৰখন সেউজীয়া কৰি ৰখাৰ আহ্বান

প্ৰকাশিত তাৰিখঃ ২৫ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

শ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী পাহাৰখনক সেউজীয়া কৰি ৰাখিব লাগে। ৮২ বিঘা মাটিকালিৰে আৱৰি থকা এই পাহাৰখনৰ নামনিত অৱস্থিত শ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী আশ্ৰম। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এইখন পাহাৰ বাবা বীৰেন্দ্ৰ পুৰী মহাৰাজৰ তপভূমি আছিল। বাবাৰ তপভূমিত অৱস্থিত শ্ৰীশ্ৰীৰামচন্দ্ৰ আশ্ৰমখনৰ মহিমা অপাৰ। এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ। প্ৰাক্তন সাংসদগৰাকীয়ে সুদীৰ্ঘ ছয় বছৰ পিছত এই আশ্ৰমখনলৈ অহাৰ কথা ব্যক্ত কৰে। তেখেতে কয়– আশ্ৰমখনলৈ আহি প্ৰথমে মনত শান্তি লাভ কৰিছো। যদিও মনত এটি দুখো লাগিছে। কিয়নো আশ্ৰমখনৰ আন্তঃগাঁথনিৰ উন্নয়ন একেবাৰে হোৱা নাই। আশ্ৰমখনৰ প্ৰতিষ্ঠাতা বাবা বীৰেন্দ্ৰপুৰী মহাৰাজ শংকৰদেৱ–মাধৱদেৱৰ একান্ত ভক্ত আছিল। সেয়ে নহয় বাবাই মাধৱদেৱ বিৰচিত নামঘোষা অঞ্চলটোত ঘৰে ঘৰে বিলাইছিল। অতি আনন্দৰ কথা এই আশ্ৰমখন চাবৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰপৰা ভক্ত আহে। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীও গৱেষণাৰ বাবে আহে। কিন্তু আলোহী বহা, নিশা জিৰণি ল’ব পৰা আৱাস গৃহ, পাকঘৰ, পাইখানা, খোৱাপানী কোনো এটাৰে সু–ব্যৱস্থা নাই। সেয়ে দেশৰ ভিন্ন প্ৰান্তৰপৰা অহা ভক্তসকলে গুৱাহাটীৰ হোটেলতে থকা–মেলা কৰিহে আশ্ৰমখন চাবলগীয়া হৈছে। ইপিনে ৮২বিঘা মাটিকালিৰে আৱৰি থকা পাহাৰখনত মূল্যৱান প্ৰাকৃতিক সম্পদ আছে। দুষ্ট চক্ৰ এটাই পাহাৰখনত থকা মূল্যৱান শিল খননৰ বাবে চেষ্টা চলাই থকা বুলিও জানিছো। দুষ্ট চক্ৰৰ শিলখননৰ অপচেষ্টা যিকোনো প্ৰকাৰে বন্ধ কৰি পাহাৰখনক অধিক সেউজীয়া ৰূপত ধৰি ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাম। তদুপৰি আশ্ৰমখনক আটক ধুনীয়াকৈ সজাই পৰ্যটনৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তুলিবলৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীকো অনুৰোধ জনাম।  

উল্লেখযোগ্য যে, দক্ষিণ কামৰূপৰ বৰদুৱাৰ চাহ বাগিচাৰ মিৰ্জা–চানডুবি পথৰ কাষত অৱস্থিত শ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী আশ্ৰম ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্তৰ্গত। ২৩মে’ত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰবৰ্তীয়ে নিজ কন্যা তথা হাজো সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুমন হৰিপ্ৰিয়া লগতে পৰিয়ালৰ অন্যান্য সদস্যবৰ্গ শ্ৰীশ্ৰীৰামচন্দ্ৰ জোঙাগুৰী আশ্ৰমত উপস্থিত হয়। প্ৰাক্তন বিধায়িকা সুমন হৰিপ্ৰিয়া বাবা বীৰেন্দ্ৰপুৰী মহাৰাজৰ একান্ত ভক্ত। সেয়ে প্ৰতিটো বৰ্ষতে এবাৰ আশ্ৰমখনলৈ আহি পূজা–অৰ্চনা কৰে। নেত্ৰী দুগৰাকী উপস্থিতিকালত কামৰূপ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিনয় ৰাভা, চৰকাৰী গাঁওবুঢ়া মৰ্মেশ্বৰ ৰাভা, আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন কছাৰী, উপদেষ্টা ডা০ নগেন দলৈ, তৰুন মেধি, গোবিন্দ ৰাভা, আদিত্য নাগ আদিকৰি বহু সংখ্যক ভক্তই সংগ দিয়ে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward