Saturday, April 20, 2024
HomeNEWSনতুন পৃথিৱীৰ অংগীকাৰ

নতুন পৃথিৱীৰ অংগীকাৰ

প্ৰকাশিত তাৰিখঃ ২২ মে’, ২০২৩

কল্প ৰঞ্জন গগৈ –

দেশ এখনৰ অৰ্থনীতি আৰু ৰাজনীতি বিপৰ্যস্ত হ’লে তাৰ প্ৰতিফলন ঘটে বিপৰ্যস্ত সংস্কৃতি আৰু ধ্বংসপ্ৰাপ্ত সমাজ জীৱনৰ মাজেদি। স্বাধীনতা ঘোষণা কৰাৰ আগে আগে ইংৰাজে নিজৰ অৰ্থনীতি সৱল কৰিবলৈ তাৰ উপনিবেশ ভাৰতবৰ্ষক ধ্বংসপ্ৰাপ্ত কৰি থৈ যোৱাৰ পৰিণতি আজিৰ বিভক্ত ভাৰতবৰ্ষ। সেয়ে ই জনগণৰ ভাৰত নহৈ হৈ থাকিল সামন্ত যুগৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতিৰ অৰ্ধ–ঔপনিৱেশ ভাৰত। ইয়াৰ প্ৰশাসনৰ চৰিত্ৰ সেয়ে একেসময়তে সামন্তীয় আৰু ঔপনিৱেশিক আৰু তাৰে মাজত গণজীৱন পিষ্ট। নব্বৈ দশকৰ পৰা ই বাৰুকৈয়ে বিজ্ঞান আৰু প্ৰগতিবিৰোধী। আজি ই সম্পূৰ্ণৰূপে মধ্যযুগীয়। সেয়ে আজি দেশৰ ভিতৰৰ প্ৰধান দ্বন্দ হৈছে জনতা বনাম সামন্তবাদ আৰু জনতা বনাম সাম্ৰাজ্যবাদ (People VS Feudalism and People VS Imperialism)। সুক্ষ্মভাৱে লক্ষ্য কৰিলে একেবাৰে তৃণমূল পৰ্যায়ত ব্যক্তিৰ মানসিকতাত এই চৰিত্ৰ– ইয়াৰ বিসংগতি আৰু বিচ্যুতি স্পষ্ট হৈ দেখা দিয়ে। সেই বিচ্যুতিবোৰকে লৈ সৰৱ আলোচনা হয় আৰু তাৰপিচত সকলো শেষ। (নতুন পৃথিৱীৰ অংগীকাৰ)

ধীমানসকলে কিন্তু সময়ে সময়ে সকিয়াই থকা স্বত্বেও উপযুক্ত শিক্ষাৰ অভাৱত মোহগ্ৰস্ত হৈ জনতাই নিজৰ ভৰিত কুঠাৰ মাৰে। নিজে ভূচুং পহু হৈ সমাজখনক ভূচুং পহু কৰি পেলায়।

তথাপিও প্ৰকৃত গণমুখীসকলে এখন নামযোগ্য পৃথিৱীৰ কথা কৈ থাকে অহৰহ। তেওঁলোকৰ অংগীকাৰ– নতুন পৃথিৱী গঢ়িবই লাগিব কাৰণ সময় গৈ আছে আমাক ইতিকিং কৰি। আমি আত্ৰানী কৰিম কাৰণ দহ হাজাৰ বছৰত সময়ে গঢ় দিবলগীয়া পৃথিৱীলৈ আমি ৰৈ থাকিব নোৱাৰো।

ইতিহাসৰ চালিকা শক্তি হৈছে মানুহ। ইতিহাসৰ গতি সলাবলৈ এমুঠি দৃঢ়প্ৰতিজ্ঞ, উপযুক্ত দৰ্শনৰ দৃষ্টিভংগীৰে পুষ্ট সৈনিকেই যথেষ্ট– মহাত্মাৰ মতে। A small body of determined spirits fired by an unquenchable faith in their mission can alter. The course of history recording to the Mahatma। সেয়ে ৰূপান্তৰৰ কথা ভাবিলে মনটো এক বেলেগ অনুভূতিৰে ভৰি পৰে। অগ্নিমন্ত্ৰেৰে দীক্ষিত যুৱক–যুৱতীসকলেহে এই কাম কৰিব পাৰিব।

উপযুক্ত কৰ্মী নিৰ্মাণৰ বাবে প্ৰথমে শিক্ষাক সাৰথি কৰিব লাগিব। উপযুক্ত শিক্ষাইহে সংগঠনৰ সহায়ত ডাঙৰ কামৰ বাবে আমাক প্ৰেৰণা যোগাব।

আজিৰ একৈশ শতিকা হৈছে মনোবিজ্ঞানৰ শতিকা। সেয়ে বিচ্যুতি দেখা গৈছে সকলো মানুহৰ ক্ষেত্ৰত। মুঠতে সমাজ আজি ভীষণ ৰোগগ্ৰস্ত আৰু তাৰ প্ৰকৃত কাৰণ হৈছে অৰ্থনৈতিক অনগ্ৰসৰতা। ই আমাৰ টেটু চেপি ধৰিছে। সমাজ অসুস্থ হৈ পৰিছে। এই অৰ্থনৈতিক অনগ্ৰসৰতাক সলনি কৰিবলৈ উপযুক্ত অৰ্থনৈতিক কাৰ্যসূচী লাগিব। পৰাক্ৰমী মোগলে জয়লাভ কৰিছিল জয়ধ্বজ সিংহৰ দিনত ১৬৬৩ চনত। একেই মোগলক পৰাস্ত কৰা হ’ল উদয়াদিত্য–লাচিত–আতনৰ দিনত ১৬৭১ চনত– একেই প্ৰজা–পাইকৰ সহায়ত।

 আজি একৈশ শতিকাত একেই প্ৰজা ইংৰাজৰ হাতত মাৰ খোৱা আৰু অধিক অভিজ্ঞ। বিশ্বায়নৰ চেপাত পিষ্ট আৰু অভিজ্ঞ কৃষক– মজদুৰ প্ৰজা। বিশ্ব পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই পৰিৱৰ্তনৰ কাৰ্যসূচী আগবাঢ়িব। নতুন পৃথিৱী এনেদৰেই হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward