Thursday, April 25, 2024
HomeARTICLEজোনমণিৰ মৃত্যু ৰহস্যৰ আৱৰ্ততঃ ন্যায় বিচাৰি ৰাজ্যখনৰ চৌদিশত প্ৰতিবাদৰ জোৱাৰ

জোনমণিৰ মৃত্যু ৰহস্যৰ আৱৰ্ততঃ ন্যায় বিচাৰি ৰাজ্যখনৰ চৌদিশত প্ৰতিবাদৰ জোৱাৰ

প্ৰকাশিত তাৰিখঃ ২২ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ যোৱা ১৬ মে’ত নগাঁও জিলাৰ জখলাবন্ধাত এক পথ দুৰ্ঘটনাত মৃত্যু নে? ই পূৰ্বপৰিকল্পিত এক হত্যাকাণ্ড! সময় অতিবাহিত হোৱাৰ লগেলগে ঘটনাটোৱে এক ৰহস্যৰ দিশে গতি কৰিছে। ইপিনে এই ঘটনাৰ পিচত ততাতৈয়াকৈ নগাঁও আৰক্ষীৰ মাজত ব্যাপক হাৰত সাল–সলনি আৰম্ভ হৈছে। সমগ্ৰ ঘটনাৰাজীত অসন্তুষ্ট হৈ পৰা লোকসকলে চৰকাৰ–প্ৰশাসনৰ প্ৰতি ধিক্কাৰ আৰু গৰিহণা ধ্বনিৰে ৰাজ্যখনৰ চৌদিশ বিয়পাই তুলিছে। তেনে সময়তে– ১৮মে’ত মেডিকেল ব’ৰ্ডে প্ৰদান কৰা জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনো সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কিন্তু সচৰাচৰ পথ দুৰ্ঘটনাত হ’ব পৰা আঘাতৰ দাগ আৰু মৰণোত্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱা আঘাতৰ স্থান সমূহৰ মিল নাছিল। এইকথা বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। সেয়ে জোনমণি কাণ্ডই এক ৰহস্য কঢ়িয়াই অনা বুলি ৰাজ্যৰ সংবাদ মাধ্যম সমূহত প্ৰকাশ পাইছে।

ইয়াৰ লগেলগে সমগ্ৰ ৰাজ্যখনৰ ৰাজনৈতিক–অৰাজনৈতিক বিভিন্ন দল, সংগঠন, ব্যক্তিয়ে ঘটনাটোৰ তদন্তৰ দায়িত্বভাৰ চিবিআই অথবা নিয়াৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনাই আহিছে। উল্লেখ্য যে, নিখিল ৰাভা জাতীয় পৰিষদ, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আদিকে ধৰি জনগোষ্ঠীটোৰ শীৰ্ষ সংগঠন সমূহে ঘটনাটো ঘটাৰ পিছৰেপৰা ধিক্কাৰ আৰু গৰিহণা দি আহিছে। প্ৰয়োজনত সকলো দল, সংগঠনে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এক বৃহৎ আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ন কৰিব বুলি ইতিমধ্যে প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে।

নিখিল ৰাভা জাতীয় পৰিষদে ১৮মে’ত সংগঠনটোৰ বৃহত্তৰ গুৱাহাটী শাখাৰ সহযোগত এখন জৰুৰী বৈঠক অনুস্থিত কৰে। গুৱাহাটীৰ জটীয়াস্থিত মুখ্য কাৰ্যালয়ত অনুস্থিত এই বৈঠকত কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সম্পাদক গোবিন্দ ৰাভাই উপস্থিত থাকে। এই বৈঠকত সদ্য প্ৰয়াত অসম আৰক্ষীৰ দক্ষ আৰু সৎ সাহসী বিষয়া জোনমণি ৰাভা পথ দুৰ্ঘটনাত মৃত্যু সন্দৰ্ভত বিভিন্ন দিশ আলোকপাত কৰা হয়। বৈঠকৰ অন্তত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকে সংবাদ মাধ্যমৰ সৈতেও মতবিনিময় কৰে। সভাপতি গৰাকীয়ে কয় যে– জোনমণি মৃত্যু কাণ্ড ইতিমধ্যে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এই কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা দিছো। লগতে এই ৰহস্য উদঘাটনৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগে নিজাববীয়াকৈ গ্ৰহণ কৰা চিআইডি পৰ্যায়ৰ তদন্তক আমি সন্তোষ প্ৰকাশ কৰিছো। তেওঁ কয় যে– জোনমণিয়ে অসম আৰক্ষীত দক্ষতা আৰু সততাৰ পৰিচয় দিয়াই নহয় নিজৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিব পৰা পৰ্যায়লৈকে আগুৱাই গৈ আছিল। সেইজনী ছোৱালীজনী পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যু ঘটা কাৰ্য আমি সহজে মানি ল’ব পৰা নাই। তেওঁ পুনৰ দোহাৰে যে– অসম চৰকাৰে আৰক্ষীক ‘স্মাৰ্ট পুলিচ’ ৰূপে গঢ়ি তোলাত অধিক গুৰুত্ব আৰোপ কৰিছে। তেনেক্ষেত্ৰত জোনমণিয়ে নিষ্ঠা আৰু সততাৰে পালন কৰি যোৱা দায়িত্বখিনিও স্মাৰ্ট পুলিচৰে এক মহান অংশ স্বৰূপ। কিন্তু ৰহস্যজনকভাৱে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটা কাৰ্য জনগোষ্ঠীটোৰ বাবে অতি দূৰ্ভাগ্যজনকেই নহয় ই সমগ্ৰ অসমীয়া জাতিটোৰ বাবেও এক বৃহৎ ক্ষতি। লগতে এই কাণ্ডৰ ফলত অসম আৰক্ষীত নিয়োজিত হৈ থকা নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা অন্যান্য কৰ্মচাৰীসকলৰ মনোবল ভাঙি যাব বুলিও দোহাৰে। তদুপৰি জোনমণিৰ আত্মাই উচিত ন্যায় বিচাৰ নাপালেও অসম আৰক্ষীত অসন্তোষ বঢ়াৰ সম্ভাৱনা আছে। পৰিষদে ৰহস্যৰ আৱৰ্তত সোমাই পৰা জোনমণি কাণ্ডৰ অতি কমদিনৰ ভিতৰত নিৰপেক্ষ তদন্তৰ দাবী কৰিছে। এই ঘটনাত জড়িত দোষী ব্যক্তিসকল কোনো কাৰণতে সাৰি যাব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও চৰকাৰৰ প্ৰতি দাবী জনায়। তদন্তই সঠিক ৰূপ লাভ নকৰিলে জনগোষ্ঠীটোৰ শীৰ্ষ সংগঠন সমূহে উমৈহতীয়াভাৱে এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব বুলিও ঘোষণা কৰে। কাৰ্যসূচীৰ শেষত পৰিষদৰ সদস্যসকলে মৃত জোনমণিৰ পৰিয়ালৰ ঘৰত উপস্থিত হয়।

উল্লেখযোগ্য যে, জোনমণিৰ মাক আৰু এজন ৰুগীয়া ককায়েক থকা কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ ঘৰখন ১৮ মে’লৈকে এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছিল। অকলশৰীয়া হৈ পৰা পৰিয়ালটো আৰ্থিক সংকটত ভূগিছিল। সেই সংকটকালত পৰিয়ালটোক সাহস যোগোৱা, উপদেশ দিয়া মানুহৰো অভাৱ ঘটিছিল। সেইপৰ্যন্ত অসম আৰক্ষীৰ কোনো শীৰ্ষ বিষয়ববীয়াই দূৰ্ভগীয়া পৰিয়ালটোৰ খা–খবৰ লোৱা নাই বুলি জোনমণিৰ মাতৃয়ে সংগঠনটোৰ আগত দুখেৰে প্ৰকাশ কৰিছিল। সেয়ে নিখিল ৰাভা জাতীয় পৰিষদে জোনমণিৰ আদ্যশ্ৰাদ্ধৰ দায়িত্ব বহন কৰিব বুলিও প্ৰকাশ কৰে।

আনহাতে, ১৮মে’ত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য গৈ জোনমণিৰ মাতৃৰ ভাষ্য গ্ৰহণ কৰে।

উল্লেখৰ আৱশ্যক যে– যোৱা ১৬ৰ পৰা ১৮মে’ পৰ্যন্ত জোনমণিৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাছিল। যদিও ১৯ মে’ত জোনমণিৰ মাতৃয়ে জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰ অনুসৰি– ৰাজ্যৰ আৰক্ষী বিভাগৰ বহুকেইজন বিষয়া ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰাত ই অন্য ৰূপ লয়। লগে লগে ৰাজ্য চৰকাৰে জোনমণিৰ তদন্ত দায়িত্বভাৰ চিবিআইৰ হাতত অৰ্পণ কৰে।

জোনমণিৰ মৃত্যু সন্দৰ্ভত সঠিক ন্যায় বিচাৰি ১৯মে’ত কামৰূপ জিলাৰ বকোত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনকেইটাই জোনমণি কাণ্ডৰ তদন্তৰ দায়িত্বভাৰ চিবিআইক অৰ্পণৰ বাবে বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

নিখিল ৰাভা জাতীয় পৰিষদে ২১মে’ত জনগোষ্ঠীটোৰ সকলোবোৰ শীৰ্ষ সংগঠনৰ বিষয়ববীয়াৰ সৈতে গুৱাহাটীত এক আলোচনাত মিলিত হয়। পৰিষদৰ জটিয়াস্থিত মুখ্যকাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি আলোচনা কৰা হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward