Friday, April 19, 2024
HomeARTICLEঝুমে জ্যো পাঠান

ঝুমে জ্যো পাঠান

প্ৰকাশিত তাৰিখঃ ৬ মাৰ্চ, ২০২৩

কল্প ৰঞ্জন গগৈ –

এমুঠি মোগল, এমুঠি পাঠান, এমুঠি শিখ, এমুঠি কামৰূপী বীৰৰ– সন্মিলিত শক্তি ‘আও–হম’ সেনা। এই আও–হম সেনাই যুঁজিছিল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত বিদেশী মান সেনাৰ বিৰুদ্ধে– ১৮২২ চনৰ ২১ জুনৰ দিনা দেশখনৰ শেষ স্বাধীনতা ৰণ।

১৭৬৯ চনৰ পৰা আৰম্ভ হোৱা প্ৰজা বিদ্ৰোহ যাক পেংলাই কৰি তেতিয়াই শাসক সকলে নাম দিছিল মৰাণ–মটক–মোৱামাছ খোৱা মোৱামৰীয়া চিঞৰ–বাখৰ বুলি। অৱশেষত ১৭৯২ চনত ইংৰাজ বিদেশীক গতাই দিছিল আমাৰ মাতৃ ভুমিক ধ্বংস কৰিবলৈ। সেইখনেই আছিল অসমীয়াৰ প্ৰথম মুক্তি সংগ্ৰাম।

পাঠান–মোগলৰ লগত সীমা ঠেলা–ঠেলিৰ যুঁজ–গদাধৰ সিংহৰ ১৭৮২ চনৰ ইটাখুলিৰ ৰণখনেই অন্তিম ৰণ। তেনেদৰে গঢ় লৈছিল পাঠান–মোগল–কিৰাট–কামৰূপীৰ ‘আও–হম’ সন্মিলিত গণমৰ্চ্চা। সেইদৰে পঞ্জাৱ কেশৰী ৰণ্‌জিৎ সিংহই মানৰ বিৰুদ্ধে যুঁজিছিল কিছু শিখ ডেকাক পঠিয়াই দিছিল। তেনেকৈয়ে আওহম বাহিনীত শিখ যোগ হ’ল।

সেয়ে অসমৰ মুক্তি যুদ্ধৰ বুৰঞ্জীৰ বাহিনী এনেদৰে সজাব পাৰো– ১৭৯২–৯৪ চনত কেপ্টেইন ৱেইলছৰ বাহিনীৰ বিৰুদ্ধে।

১৮২২ চনলৈ– মানৰ বিৰুদ্ধে গণমৰ্চ্চা। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী– ইংগ–মানৰ যুদ্ধৰ পৰিণতিত ইয়াণ্ডাবু সন্ধি– মানৰ দেশত। ১৮২৮ ৰ পৰা ১৮৩৯ চনলৈ– গমধৰ কোঁৱৰ, পিয়লী ফুকন, শদিয়াখোৱা ৰণুৱা গোহাঁইৰ নেতৃত্বত ইংৰাজ বিৰোধী যুদ্ধ।

১৯৫৭ চনত প্ৰথম সৰ্বভাৰতীয় জাগৰণ– ইংৰাজৰ বিৰুদ্ধে। ইয়াৰ পৰাই আৰম্ভ হৈছিল ভাৰতীয় দেশপ্ৰমী সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা।

১৯৪৭ চনৰ ১৫ আগষ্ট– মাজনিশাৰ স্বাধীনতা। ১৯৫০ চনৰ ২৬ জানুৱাৰী– গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষ। তাৰ পিছৰ পৰা বিভিন্ন ধৰণৰ অসন্তুষ্টি, সন্দেহ– ভাৰতবৰ্ষৰ স্বাধীনতা সম্পৰ্কত।

অসমৰ অংগ জিলা নগাপাহাৰ, মিজোৰামত অসন্তোষ। নগা–মিজোৰ শোকগাথা। অস্বীকৃত ক্ষুদ্ৰ জাতিৰ আত্মনিয়ন্ত্ৰণৰ বাবে ভিন্ন ৰূপত যুদ্ধ। এই জাগৰণৰবোৰ প্ৰকৃত গণতান্ত্ৰিক সংগ্ৰামৰ ৰূপ ল’ব নোৱাৰিলেও ই একাংশ ৰাইজৰ বুকুৰ মাজত উমি উমি জ্বলি থকা ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামৰ এক অংশ বুলি ক’ব পৰা যায়। যদিও দূৰ্ভাগ্যবশতঃ ভুল নায়কৰ বাবে ই আজিও জনগণক আকৰ্ষণ কৰিব পৰা নাই। কাৰণ ই প্ৰকৃত বৈজ্ঞানিক চিন্তাধাৰাৰ সাংস্কৃতিক ৰেনেছাঁ (Renaissance) হ’বগৈ পৰা নাই। কাৰণ ৰাইজ বহুধাভক্ত। সেয়ে মোহগ্ৰস্ত হৈ থকা বাবে বৰভেটি গঢ়িব পৰা নাই।

ব্ৰিটিছৰ দিনৰ ১৯৪৭ চনৰ আগৰ আইনবোৰ প্ৰচলন হৈ থকা বাবে সমগ্ৰ ব্যৱস্থাটোৱেই খেলিমেলিকৈ আগবাঢ়িছে। সংবিধান ৰচনা হোৱাৰ পিছত ইয়াৰ নিৰ্দেশনা অনুসৰি দেশৰ জনগণ চলিব লাগে। সেয়ে প্ৰথমেই লাগিব মানুহ গঢ়া ধৰ্ম আৰু শিক্ষা (Man making Religion and Education to build the with firm character)।

ঝুমে জ্য পাঠান– শ্বাহৰুখ খানৰ পাঠান হৈছে একেশ শতিকাৰ ভাৰতবৰ্ষৰ সম্প্ৰীতি বাৰ্তা– মোৰ মতে। মই নিজকে বিদ্ৰোহী মৰাণ গণ্য কৰো। পাঠান শ্বাহৰুখৰ দেউতাক মিৰ্‌ আজ মহম্মদ খান সীমান্ত গান্ধীৰ সহযোগী। মেজৰ জেনেৰেল শ্বাহনৱাজ খানৰ আত্মীয়। সেইদৰে বিদ্ৰোহী মৰাণ মই দেশৰ মুক্তিযোদ্ধাৰ নাতি আৰু পুত্ৰ। পেহাদেউ–পেহীদেউ মৃত্যু বাহিনীৰ সদস্য–সদস্যা। সেয়ে দেশপ্ৰেমৰ কথাত বৰমাত মাতো আৰু মোৰ কুটুমবৃন্দ দেশৰ মুক্তিযোদ্ধা সকলক লৈ এক কৰ্মীবাহিনী গঢ়াৰ বাবে আবেদন কৰো।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward