Saturday, December 14, 2024
Homeবাতৰিৰাণীত খেতিয়কৰ মাজত টৰ্চ লাইট বিতৰণ

ৰাণীত খেতিয়কৰ মাজত টৰ্চ লাইট বিতৰণ

প্ৰকাশিত তাৰিখঃ ১৬ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম-মেঘালয় সীমাৰ বৃহত্তৰ ৰাণী অঞ্চল কৃষিপ্ৰধান হিচাপে পৰিচিত। বৃহত্তৰ অঞ্চলটোৰ পথাৰসমূহত বৰ্তমান পকা শালিধান কটা কাৰ্য আৰম্ভ হৈছে। অতি পৰিতাপৰ বিষয় যে খেতিয়কে শালি ধান চপোৱাৰ সময়তে বনৰীয়া হাতীৰ মুক্ত বিচৰণ বৃদ্ধি পাইছে। বিগত কেইটামান দিনত কাষৰীয়া মেঘালয়ৰ পাহাৰৰপৰা নামি অহা বনৰীয়া হাতীৰ জাকে খেতিয়কৰ ধাননি পথাৰৰ ধান খাই, গছকি তহিলং কৰিছে। বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলটোৰ মৈৰাপুৰ, পুৰাণশুকুৰবেৰীয়া, পাটগাঁও, বেলগুৰী, নালাপাৰা, নিৰলপুৰ, বিক্ৰমপুৰ, পুখুৰীপাৰ, খপেগাঁও, চেঁচা, জয়পুৰ, টাঙ্গনপাৰা, চল্লি, গাৰোপাৰা আদি গাঁৱৰ খেতিয়কৰ পথাৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। খেতিয়কে পথাৰত কঠিয়া ৰোপন কৰাৰ পিছৰেপৰা টঙীঘৰ সাজি পহৰা দিবলগীয়া হয়। বিগত অক্টোবৰ মাহত ধানৰ থোক তথা গেৰ ওলোৱা ধাননিৰ পথাৰখন ৰক্ষা কৰিবলৈ খেতিয়কসকলে হাতে হাতে জুইলৈ হাতী খেদিবলগীয়া হৈছে।

এনে সময়তে এছিয়ান এলিফেণ্ট ফ’ৰাম নামৰ এটি বেচৰকাৰী সংগঠনে খেতিয়কক কিছু সঁজুলী দিবলৈ আগবাঢ়ি আহে। এই উপলক্ষে ১৪ নৱেম্বৰত ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ নালাপাৰা খণ্ড বন কাৰ্যালয়ত এক সভা অনুষ্ঠিত হয়। এই সভাত বৃহত্তৰ অঞ্চলটোৰ ১৪খন গাঁৱৰ পথাৰত থকা ১৫টা টঙী ঘৰত পহৰা দিয়াৰ বাবে ৫৫টা উচ্চ ক্ষমতা যুক্ত টৰ্চ লাইট আৰু ফটকা বিতৰণ কৰে।

উক্ত সভাত এছিয়ান এলিফেণ্ট ফ’ৰামৰ অধ্যক্ষ তথা হস্তী বিশেষজ্ঞ কৌশিক বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। সভাখনত পূব কামৰূপৰ বন সংমণ্ডলৰ বিষয়া অশোক কুমাৰ দেৱচৌধুৰী, ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন, শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া দুলু মহন্ত, পৰিৱেশ কৰ্মী প্ৰমোদ কলিতা, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ নাথ, সংবাদ দাতা জোন ৰাভাকে ধৰি কেবাজনো কৃষক, কৃষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থকা বন সংমণ্ডল বিষয়া অশোক কুমাৰ দেৱচৌধুৰীয়ে খেতিপথাৰত বনৰীয়া হাতী ওলালে লগে লগে নিকটবৰ্তী খণ্ড বন বিষয়াৰ কাৰ্যালয় বা টহলদাৰী বনকৰ্মীক অৱগত কৰিবলৈ খেতিয়কসকলৰ প্ৰতি আহ্বান জনায়। সংগঠনটোৰ অধ্যক্ষ কৌশিক বৰুৱাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই বনৰীয়া হাতী অহা-যোৱা কৰা পথ সমূহত চাইনবৰ্ড লগোৱাৰ কাম আৰম্ভ কৰা হ’ব বুলি সদৰি কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward