Saturday, April 20, 2024
HomeARTICLEদক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পৰ্যালোচনা সভা

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পৰ্যালোচনা সভা

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০২১

চি এন ডেস্ক

কামৰূপ জিলাৰ দক্ষিণপাৰৰ এক অগ্ৰণী ক্ৰীড়ানুষ্ঠান দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা। যোৱা ১৮ নৱেম্বৰত সংস্থাটোৰ স্থায়ী কাৰ্যালয়ত সজাগতা আৰু পৰ্যালোচনামূলক এখনি সভা অনুষ্ঠিত হয়। সন্থাৰ উপ–সভাপতি ভদ্ৰেশ্বৰ দাসে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদক ৰাঘৱ কুমাৰ দাসে। এই সভাতে ক্ৰীড়া সম্পৰ্কীয় কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই উক্ত সভাত অংশ গ্ৰহণ কৰি আধুনকি খেল–ধেমালিৰ লগতে পৰম্পৰাগত খেল–ধেমালিসমূহকো গুৰুত্ব আৰোপ কৰিবলৈ সন্থাৰ প্ৰতি আহ্বান জনায়।  আচলতে বিদ্যালয় সমূহে হ’ল ক্ৰীড়াৰ মূল শিপা। সেয়ে খেলুৱৈসকলৰ ক্ৰীড়াৰ প্ৰাথমিক প্ৰশিক্ষণ বিদ্যালয় সমূহৰপৰাই আৰম্ভ হয়। অনাগত দিনত ক্ৰীড়াৰ ধাৰাবাহিকতা জীপাল কৰি ৰাখিবলৈ ক্ৰীড়া বিষয়ক বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব। সেয়ে নহয় বিদ্যালয় সমূহৰ খেল–ধেমালিত ‘বেষ্ট স্কুল এৱাৰ্ড’ প্ৰদানৰ ব্যৱস্থাও লোৱা হ’ব বুলি দোহাৰে।

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াও ক্ৰীড়া সন্থাৰ সভাখনত অংশ গ্ৰহণ কৰে। নিজ সমষ্টিটোৰ ক্ৰীড়া ক্ষেত্ৰসমূহক আগুৱাই নিবলৈ বিদ্যালয়সমূহৰ খেল–ধেমালিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩০–৪০ লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি ব্যক্ত কৰে। লগতে সমষ্টিটোৰ সুবিধাজনক এলেকাত ১২ কোটি টকা ব্যয় সাপেক্ষে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে।

বৰ্তমান সন্থাৰ দ্বাৰা পৰিচালিত গ্ৰাম্য ষ্টেডিয়ামখন মুখ্যমন্ত্ৰীৰ চিগনেছাৰ ক্ৰীড়া প্ৰকল্প উত্তৰণ আঁচনিৰ অধীনত উন্নীতকৰণৰ কাম চলি আছে। ১০ কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ভাৰ্চা টেক্‌ন’ ট্ৰেড প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে। নিৰ্মাণকাৰী সংস্থাটোৱে আঁচনিখনৰ নিৰ্মাণকাৰ্য বিগত ২০১৯ বৰ্ষৰপৰাই আৰম্ভ কৰিছিল আৰু নিয়মমতে চলিত ২০২১ বৰ্ষৰ আগষ্ট মাহত সমাপ্ত হ’ব লাগিছিল। কিন্তু এইমুহুৰ্তলৈকে ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। এতিয়াও বহু কাম বাকী আছে।

ক্ৰীড়া সন্থাৰ উপ–সভাপতি ভদ্ৰেশ্বৰ দাসে এই সন্দৰ্ভত নিৰ্মাণকাৰী সংস্থাটোক জবাবদিহি কৰিছিল। যদিও উক্ত প্ৰকল্প নিৰ্মাণকাৰ্যৰ ২কোটি টকা চৰকাৰে নিৰ্মাণকাৰী সংস্থাটোক আদায় দিয়া নাই। সেয়ে ধনৰ নাটনিৰ বাবে নিৰ্মাণকাৰ্য আগুৱাই নিবপৰা নাই বুলি পৰ্যালোচনা সভাত উপস্থিত থকা সংস্থাটোৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়ে। তথাপিও প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতৰ কৰি তোলা হ’ব বুলি সংস্থাটোৰ প্ৰতিনিধিয়ে ব্যক্ত কৰে।

ক্ৰীড়া সন্থাই অহা জানুৱাৰী মাহৰপৰা বিদ্যালয়ৰ সমূহৰ মাজত টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিব। খেল–ধেমালিৰ বাবে প্ৰয়োজন হোৱা খেলপথাৰখন কিন্তু এতিয়াও কদৰ্যময় হৈয়েই আছে। যদিও খেল–ধেমালি আয়োজন কৰিবপৰাকৈ খেলপথাৰখন নৱেম্বৰৰ শেষ সপ্তাহত মেৰামতি কৰি দিয়া হ’ব বুলি নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়ববীয়াই প্ৰতিশ্ৰুতি দিয়ে।

ক্ৰীড়া সন্থাৰ সদস্য অমৰেন্দ্ৰ ঠাকুৰীয়াৰ পৰিচালনাত স্থানীয় খেলুৱৈৰ মাজত এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰে। সন্থাৰ প্ৰাক্তন সভাপতি খৰ্গেশ্বৰ দাস লগতে কেইবাগৰাকীও সদস্য, বিষয়ববীয়াই অংশগ্ৰহণ কৰি ক্ৰীড়া সন্থাৰ উন্নতি কামনা কৰে।

ইপিনে, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে ব্যক্ত কৰামতে– বৰ্তমান খেলপথাৰখন সম্পূৰ্ণ নোহোৱা বাবে সন্থাৰ সদস্যভুক্ত বিভিন্ন বিদ্যালয়, ক্লাৱ আদি অনুষ্ঠান–প্ৰতিষ্ঠানৰ মাজত খেল–ধেমালি অনুষ্ঠিত কৰিবপৰা নাই। সেয়ে নহয় খেলপথাৰখন অসম্পূৰ্ণ হৈ থকা বাবে জিলা, ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলেও নিয়মীয়া অনুশীলৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। যদিও পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জামৰতল খেলপথাৰতে খেলুৱৈসকলক অনুশীলনৰ ব্যৱস্থা কৰি ৰাজ্যিক পৰ্য্যায়ত খেল খেলিবলৈ সুবিধা কৰি দিয়া বুলিও কয়। অঞ্চলটোৰ প্ৰতিভাবান খেলুৱৈসকলৰ উন্নয়নৰ স্বাৰ্থত গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্য অতি সোণকালে সম্পূৰ্ণ কৰি তুলিবলৈ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward