Friday, April 26, 2024
HomeARTICLEদেশত বাৰ্ড ফ্লু’ৰ প্ৰাদূৰ্ভাৱঃ সংকটৰ সন্মুখীণ হ’ব নেকি ৰাজ্যৰ কুকুৰা পালকসকল?

দেশত বাৰ্ড ফ্লু’ৰ প্ৰাদূৰ্ভাৱঃ সংকটৰ সন্মুখীণ হ’ব নেকি ৰাজ্যৰ কুকুৰা পালকসকল?

প্ৰকাশিত তাৰিখঃ ১১ জানুৱাৰী, ২০২১

চি এন ডেস্ক

ক’ৰ’ণাই সৃষ্টি কৰা ত্ৰাসৰ মাজতে আমাৰ ৰাজ্যখনলৈ আহি গৈছিল আফ্ৰিকান ছোৱাইন ফিভাৰ। এই ফিভাৰে ৰাজ্যৰ গাহৰি পালকসকলৰ কঁকাল সম্পূৰ্ণৰূপে ভাঙি দিছিল। বেমাৰে লাখ লাখ গাহৰি এফালপৰা ধূৱাই নিছিল। সৰ্বস্বান্ত হৈ পৰা গাহৰি পালকসকল এতিয়াও মুৰ দাঙিব পৰা নাই। ইফালে, ছাগলীৰ লাম্পিস্কিন নামৰ এটা বেমাৰেও পালকসকলক মহাসমস্যাৎ পেলাইছে। এইমুহুৰ্তত ক’ৰ’ণা অথবা ছোৱাইন ফিভাৰ কোনো এটাৰ পৰাও সংকটমুক্ত হ’ব পৰা নাই।, ইপিনে ছাগলীৰ লাম্পিস্কিন বেমাৰৰ পৰাও পৰিত্ৰাণৰ উপায় বিচাৰি পোৱা নাই। তেনে সময়তে দেশৰ ছয়খন ৰাজ্য ক্ৰমে কেৰালা, ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, হিমাচল প্রদেশ আৰু গুজৰাটত বাৰ্ড ফ্লু’ৱে দেখা দিছে। ইতিমধ্যে, ৰাজস্থানত বাৰ্ড ফ্লু’ৰ সংক্রমণ ঘটা বুলি নিশ্চিত হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ১.৬০ লাখ কুকুৰা নিধন কৰিবলৈ ৰাজ্যখনে সিদ্ধান্ত গ্রহণ কৰিছে।

ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰে বাৰ্ড ফ্লু’ৰ সংক্ৰমণ ৰোধৰ বাবে এলাৰ্ট জাৰি কৰিছে। এইসন্দৰ্ভত সংশ্লিষ্ট ৰাজ্যকেইখনেও অধিক সতৰ্কতা অৱলম্বন কৰিছে। সেই অনুসৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাঁহ–কুকুৰা আমদানি–ৰপ্তানিত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে।

উল্লখযোগ্য যে, দেশৰ ছয়খন ৰাজ্যত বাৰ্ড ফ্লু’ৰ প্ৰাদূৰ্ভাৱ ঘটাৰ লগেলগে অসমৰ হাঁহ–কুকুৰা পালকসকললৈ অশনি সংকেট নামি আহিব বুলি আশংকা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বাৰ্ড ফ্লু’ৰ প্ৰাদূৰ্ভাৱ প্ৰতিৰোধৰ বাবে বিশেষ গ্ৰহণ কৰিছে। ৰাজ্যখনত পশ্চিম প্ৰান্তৰ বহিঃৰাজ্যৰ পৰা আমদানি হোৱা হাঁহ–কুকুৰাৰ ওপৰত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে। বাৰ্ড ফ্লু’ কোনো প্ৰকাৰে সংক্ৰমণ হ’ব নোৱাৰে তাৰবাবে ৰাজ্যৰ কুকুৰা পালকসকলকো বিশেষ সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিছে।

এইমুহুৰ্তলৈকে ৰাজ্যখনত বাৰ্ড ফ্লু’ সংক্ৰমণ ঘটা নাই। কিন্তু, দেশ–বিদেশৰ পৰিভ্ৰমী চৰাইৰ দ্বাৰা বাৰ্ড ফ্লু’ সংক্ৰমণ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। কিয়নো, শীতকালত ৰাজ্যখনত পৰিভ্ৰমী চৰাইৰ যথেষ্ট হাৰত আগমণ ঘটে। এই সন্দৰ্ভত, ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বন বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, অসমত প্ৰতিদিনে প্ৰায় ১১ ট্ৰাক ব্ৰইলাৰ কুকুৰা বহিঃৰাজ্যৰ পৰা আমদানি হয়। তদুপৰি ৰাজ্যখনত প্ৰতিমাহে ১কোটি ল’কেল–ব্ৰইলাৰ কুকুৰা উৎপাদন হয়। এই কুকুৰাবোৰ উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনত যোগান ধৰা হয়। কিন্তু অসমত উৎপাদিত কুকুৰাৰে ৰাজ্যকেইখনৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব নোৱাৰে। সেয়ে অতিৰিক্তভাৱে দৈনিক ১১ ট্ৰাক কুকুৰা বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগা হয়।

বাৰ্ড ফ্লু’ সম্পৰ্কে ৰাজ্যখনত যিধৰণে প্ৰচাৰ চলিছে অনাগত দিনত অসমৰ ৰাইজে হাঁহ–কুকুৰাৰ মাংস খাইনে নাখায় ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব কুকুৰা পালকসকলৰ ভৱিষ্যৎ। তেনেভাৱে হাঁহ–কুকুৰা বিক্ৰী হ’লেও দামৰ ক্ষেত্ৰত যথেষ্ট খেলি–মেলিৰ সৃষ্টি হোৱাটো খাটাং।

এই সন্দৰ্ভত অসম পশুধন উন্নয়ন নিগমৰ কাৰ্যালয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পশু পালক সংস্থাসমূহক লৈ এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে। বাৰ্ড ফ্লু’ৰ সজাগতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীসমূহ উক্ত বৈঠকতে অৱগত কৰে। বাহিৰা কোনো হাঁহ–কুকুৰাৰ সংস্পৰ্শত যাতে বেমাৰ সংক্ৰমণ হ’ব নোৱাৰে তাৰবাবে পালকসকলৰ ফাৰ্মসমূহ চাফ–চিকুন কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হয়। কৃষি প্ৰধান ৰাজ্য অসমত হাঁহ–কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে ৰাজ্যখনৰ বহুলোক হাঁহ–কুকুৰা পালনৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু ইয়াৰ দ্বাৰা স্বাৱলম্বীও হৈ পৰিছে। ক’ৰ’ণাকালৰ লকডাউনত গ্ৰামাঞ্চলৰ এই পালকসকল দানা–পানীৰ অভাৱ, উপযুক্ত দাম লাভৰ পৰা বঞ্চিত হৈ যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল। লক্‌ডাউনৰ অন্তত নতুন উদ্যমেৰে এই ব্যৱসায়ত পুনৰ লাগি পৰাত ক্ৰমে উন্নতিৰফালে আহিব ধৰি উঠিছে। সেয়ে পালকসকলে নিজে নিজেও সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward