Wednesday, April 24, 2024
HomeNEWSধাঙ্গাৰগাঁও ৰাজহুৱা খেলপথাৰত উখল–মাখল পৰিৱেশ

ধাঙ্গাৰগাঁও ৰাজহুৱা খেলপথাৰত উখল–মাখল পৰিৱেশ

প্ৰকাশিত তাৰিখঃ ২১ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ধাঙ্গাৰগাঁও ৰাজহুৱা খেলপথাৰত আজি ৰাতিপুৱাৰ পৰাই  উখল–মাখল পৰিৱেশ। কিয়নো, খেলপথাৰখনত  আজি অৰ্থাৎ ২০ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে  বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদৰ যুটীয়া অধিবেশন। নিয়ম অনুসৰি– ছাত্ৰ সংগঠনটোৰ বিংশতিতম দ্বি–বাৰ্ষিক আৰু মহিলা সংগঠনটোৰ দশম দ্বি–বাৰ্ষিক অধিবেশন।

অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণ দিয়া আৰু সম্পাদক বিৰেশ ৰাভাই জনোৱা মতে– ২০ ছেপ্টেম্বৰৰ ৰাতিপুৱা ৪ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দ্বীপন ডেকাই বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে। বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আদিত্য ৰাভাই অতিথিশালাৰ দ্বাৰ মুকলি কৰে। সাহিত্য চ’ৰা অনুষ্ঠানটো মুকলি কৰে লোকসংস্কৃতিৰ সাধক ভূবিন ৰাভাই। দুপৰীয়া প্ৰতিনিধি পঞ্জীয়নৰ পিছত অনুষ্ঠিত হয় ন–পুৰণি সতীৰ্থ সন্মিলন। অনুষ্ঠানটো উদ্বোধন কৰে নন্দেশ্বৰ ৰাভা আৰু সঞ্চালনা কৰে কমলেশ্বৰ ৰাভাই। আবেলি প্ৰতিনিধি সভা উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহঃ সম্পাদক অশোক নংবাগে।

ইপিনে, ৰাভাসকলৰ অতি জনপ্ৰিয় ‘লেৱা  (লতা) টনা’ খেল আবেলিৰ ভাগত অনুষ্ঠিত হয়। জনগোষ্ঠীটোৰ মাজত এই খেল পৰম্পৰাগতভাৱে চলি আহিছে। অধিবেশনস্থলীত আয়োজন কৰা এই খেলত পুৰুষ–মহিলা উভয়ে উক্ত খেলত যোগদান কৰা দেখা যায়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward