Friday, March 29, 2024
HomeUncategorizedনহিৰা–গুইমাৰা আঞ্চলিক হাইস্কুলত যোগ গুৰুকুল অসমৰ উদ্যোগত ‘যোগ সোপান বৰ্গ’ শীৰ্ষক অনুষ্ঠান

নহিৰা–গুইমাৰা আঞ্চলিক হাইস্কুলত যোগ গুৰুকুল অসমৰ উদ্যোগত ‘যোগ সোপান বৰ্গ’ শীৰ্ষক অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ৩০ জুন, ২০২২

উৎপল দাস, মিৰ্জাঃ

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নহিৰা–গুইমাৰা আঞ্চলিক হাইস্কুলত যোগ গুৰুকুল অসমৰ উদ্যোগত ‘যোগ সোপান বৰ্গ’ শীৰ্ষক এটি শাৰীৰিক শিক্ষা মূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সকলো ধৰণৰ স্নায়ুৰোগ, বিষ তথা সাধাৰণ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় খনৰ গ্ৰীষ্মকালীন শিবিৰৰ অংশ স্বৰূপে অনুষ্ঠিত কৰা এই যোগ সোপান বৰ্গ অনুষ্ঠানটো বুধবাৰে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়।বন্তি প্ৰজ্বলন কৰে নহিৰা গাৱৰ বিশিষ্ট সমাজকৰ্মী তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নয়ন মহন্তই। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত বুধবাৰে যোগ গুৰুকুল অসমৰ প্ৰশিক্ষক ভাস্কৰ হাজৰিকা, প্ৰবিন দাস আৰু নিলু কাশ্যপ দাসে বিদ্যালয় খনৰ বহু সংখ্যক ছাত্ৰ–ছাত্ৰীক যোগৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰশিক্ষণ সমূহ প্ৰদান কৰে।

উল্লেখ্য যে, শাৰীৰিক, মানসিক, আধ্যাত্মিক উৎকৰ্ষ সাধনৰ দিশত ছাত্ৰ–ছাত্ৰী সকলক আগবঢ়াই নিবলৈ বিদ্যালয় পৰিচানলা সমিতিৰ সভাপতি নয়ন মহন্ত, প্ৰধান শিক্ষক ধীৰেণ কুমাৰৰ লগতে আন আন বিষয়ববীয়া সকলে যথেষ্ট চিন্তা–চৰ্চা কৰি আহিছে। ছাত্ৰ–ছাত্ৰী সকলক যোগ সোপান বৰ্গৰ জড়িয়তে প্ৰশিক্ষণ প্ৰদান কৰে যোগ গুৰুকুল অসমৰ প্ৰশিক্ষক ভাস্কৰ হাজৰিকা, প্ৰবিন দাস, নিলু কাশ্যপ দাসে।  বিদ্যালয় কৰ্তৃপক্ষই ‘যোগ গুৰুকুল অসম’ৰ সভাপতি দিলীপ গোস্বামী, উপ–সভাপতি অনুপ মেধী, সম্পাদক ডা হিমাংশু বুজৰবৰুৱালৈ ধন্যবাদ জ্ঞাপন কৰে। অহা ২জুলাইত সামৰণি পৰিবলগীয়া যোগ শিৱিৰ সামফল্য মণ্ডিত কৰি তুলিবলৈ ‘যোগ গুৰুকুল অসম’ৰ বিষয়ববীয়া সকলে নহিৰা–গুইমাৰা অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহায়–সহযোগিতা কামনা কৰিছে।

শিৰোনামৰ ফটোঃ উৎপল দাস

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward