Saturday, January 28, 2023
HomeNEWSনৱাৰুণ সাহিত্য সভাৰ দ্বাদশ দ্বি–বাৰ্ষিক অধিৱেশন

নৱাৰুণ সাহিত্য সভাৰ দ্বাদশ দ্বি–বাৰ্ষিক অধিৱেশন

প্ৰকাশিত তাৰিখঃ ১৭ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

নৱাৰুণ সাহিত্য সভাৰ দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ দ্বি–বাৰ্ষিক অধিবেশন । ১৭ আৰু ১৮ ডিচেম্বৰত আমৰাঙ্গা–বৰিহাটত অৱস্থিত ত্ৰিধাৰা আঞ্চলিক কলা সংঘ প্ৰাঙ্গনত অনুস্থিত হয়।

সভাৰ কাৰ্যসূচী অনুসৰি– পুৱা পতাকা উত্তোলন কৰে নৱাৰুণ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ দাসে। স্মৃতি তৰ্পন কৰে উপ–সভাপতি কমলা কান্ত দাসে। বিষয় বাচনি সভাৰ পিছত অন্তৰঙ্গ অনুষ্ঠান আৰম্ভ হয়। ড গজেন্দ্ৰ অধিকাৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড জীতেন কলিতাই। আবেলি বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত কবিতা আবৃতি প্ৰতিযোগিতা অনুস্থিত হয়।

সন্ধিয়া প্ৰতিষ্ঠাপক সভাপতি ৰজনী কলিতাৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছত বৰিহাট মাহিলী বৈঠকীৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward