Friday, March 29, 2024
HomeNEWSৰাণীত ট্ৰাইবেল সংঘৰ ভূমি সমস্যা সম্পৰ্কীয় সজাগতা সভা

ৰাণীত ট্ৰাইবেল সংঘৰ ভূমি সমস্যা সম্পৰ্কীয় সজাগতা সভা

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী অঞ্চলৰ জনজাতীয় লোকসকলে দীৰ্ঘদিনৰ পৰা ভূমি সমস্যাত ভূগি আছে। চৰকাৰী আঁচনিৰ মাধ্যমেৰে ভূমি সংক্ৰান্তীয় বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাইজৰ মাজত সজাগ সৃষ্টিৰ বাবে সদৌ অসম ট্ৰাইবেল সংঘই উদ্যোগ গ্ৰহণ কৰি আহিছে।

তেনে এখন সজাগতা সভা আজি ৰাণী পাটগাঁও দুৰ্গা মন্দিৰৰ সমীপত আয়োজন কৰে। দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক প্ৰাথমিক সমিতিৰ সহযোগত এই সজাগতা সভাৰ আয়োজন কৰা হয়।

উল্লেখনীয় যে, এই সজাগতা সভাত অসম চৰকাৰৰ ‘মিছন বসুন্ধৰা ২.০’ৰ সেৱা সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰে। শেষত অংশ গ্ৰহণকাৰী সকলে পাটগাওঁ দুৰ্গা মন্দিৰৰ পৰা প্ৰায় ১০কিঃমিঃ পথ সমূহীয়া চাইকেল যাত্ৰাৰে ৰাণী মেকুৰীকুছিত সজাগতা সভাৰ অন্তিম কাৰ্যসূচীৰ সামৰণি মাৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward