Sunday, June 23, 2024
HomeNEWSনৱাৰুণ সাহিত্য সভাৰ দিগদৰ্শন অনুষ্ঠান

নৱাৰুণ সাহিত্য সভাৰ দিগদৰ্শন অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ২৩ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ আমৰাঙা-বৰিহাটস্থিত নৱাৰুণ সাহিত্য সভাৰ উদ্যোগত ২১ মে’ত স্থানীয় জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বৃত্তিমুখী শিক্ষাৰ দিগদর্শনৰ এখনি মনোজ্ঞ পাঠদান কার্য্যসূচীৰ আয়োজন কৰা হয়। শেহতীয়াকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশ গ্ৰহন কৰে।

অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰে শিক্ষা মনোবৈজ্ঞানিক আৰু জীৱন-জীৱিকা বিশেষজ্ঞ ৰাজীৱ ডেকাই। শতাধিক ছাত্র-ছাত্রী উপস্থিত থকা অনুষ্ঠানটিত দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড তপন কলিতাই সহযোগিতা আগবঢ়ায়। বৃত্তিমুখী শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত হোৱা পর্য্যালোচনাত ছাত্র-ছাত্রীসকলৰ অনুসন্ধিৎসা প্রকট ৰূপত উদ্ভাসিত হৈছিল আৰু বিশেষজ্ঞ গৰাকীয়ে প্ৰতিটো প্রশ্নৰ যথাযথ সমিধান দি তেওঁলোকক আশ্বস্ত কৰিছিল। আগন্তুক সময়ত শিক্ষাৰ্থীসকলে কি পঢ়িলে বা কি কৰিলে ভাল হ’ব সেই বিষয়ত মন্তব্য ৰাখে।

উক্ত কার্য্যসূচীত উপস্থিত থাকে নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ সভাপতি কমলাকান্ত দাস, উপ–সভাপতি প্ৰাণেশ্বৰ কলিতা, আলোচনা চক্ৰৰ আহ্বায়ক হেমন্ত তালুকদাৰ, সাংস্কৃতিক সম্পাদক ধ্ৰুৱজ্যোতি দাস, প্রাক্তন সভাপতি ৰজনী কলিতা, ভূষণ দাস, কিৰণ কলিতা, হেমন্ত কুমাৰ দাস জেষ্ঠ সদস্য গজেন্দ্ৰজিৎ দাস প্রমূখ্যে জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শাখাৰ সদস্য-সদস্যাসকলে।

উপস্থিত ব্যক্তিসকলে নৱাৰুণৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে অনুষ্ঠানটো ফলপ্রসু হোৱা বুলি মন্তব্য কৰে আৰু ভবিষ্যতলৈও এই ধাৰা অব্যাহত থাকিলে ছাত্র-ছাত্রীৰ দিগদর্শনত সহায়ক হ’ব বুলি মত পোষণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chadubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward