Saturday, April 20, 2024
Homeবাতৰিপবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ খাদ্য প্ৰেৰণ ৰাণী–জিৰাং শিল ব্যৱসায়ী সন্থাৰ

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ খাদ্য প্ৰেৰণ ৰাণী–জিৰাং শিল ব্যৱসায়ী সন্থাৰ

প্ৰকাশিত তাৰিখঃ ৩ আগষ্ট, ২০২০

চানডুবি নিউজ ডেক্স  

বানপানীৰ তাণ্ডৱৰ ফলত অকল মানুহৰেই নহয় বন্যপ্ৰাণীৰো সংকট নমাই আনিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ অধিক অঞ্চল পানীয়ে বুৰাই পেলোৱাত আশ্ৰয়স্থল নোহোৱা হৈছে। জীৱ–জন্তু সকলে নিৰাপদ আশ্ৰয়ৰ সন্ধানত ঘুৰি ফুৰোতে বানপানীত উটি আহে। প্ৰতিটো বানতে উদ্যানকেইখনৰ পৰা উটি অহা বন্য জীৱজন্তু মানুহে উদ্ধাৰ কৰিব লগা হয়।    

ইপিনে, উদ্যান কেইখনত বন্যপ্ৰাণী সমূহৰ নিৰাপদ আশ্ৰয়ৰ লগতে খাদ্য পাতিৰো তীব্ৰ সংকটে দেখা দিছে। উদ্যানকেইখনৰ অধিক অঞ্চল পানীত বুৰ গৈ থকা বাবে বন্যপ্ৰাণীসমূহক অন্য ঠাইৰ পৰা খাদ্য যোগান ধৰিব লগা হৈছে।

যোৱা ১ আগষ্টত ৰাণী–জিৰাং শিল ব্যৱসায়ী সন্থাই পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ চাৰি ট্ৰাক কেঁচা ঘাঁহ প্ৰেৰণ কৰে। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম বসুমতাৰীৰ সহযোগত ব্যৱসায়ীসকলে এই ঘাঁহৰ ট্ৰাক কেইখন প্ৰেৰণ কৰে। প্ৰয়োজনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈও ঘাঁহ পঠিয়াব বুলি ব্যৱসায়ীসকলে প্ৰকাশ কৰে।

 

শিৰোনামৰ ফটোঃ ধৰ্মেন্দ্ৰ দাস

Title Pix: Dharmendra Das  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward