Friday, April 26, 2024
Homeবাতৰিপাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীত বিস্তৰ ক্ষতি সাধন সজ্জনপাৰা–ছাটাৰগাঁও সংযোগী পথ

পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীত বিস্তৰ ক্ষতি সাধন সজ্জনপাৰা–ছাটাৰগাঁও সংযোগী পথ

প্ৰকাশিত তাৰিখঃ ১৭ আগষ্ট, ২০২০

চানডুবি নিউজ ডেস্ক

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ছাটাৰগাঁও সংযোগী পথটো প্ৰৱল বৃষ্টিপাতে ভয়ানকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। যোৱা ১৩ আগষ্টৰ নিশাৰ ভাগত অহা প্ৰৱল বৃষ্টিপাতৰ ফলত পকী পথটোৰ কেইবা ঠাইতো উঠাই নিয়াৰ লগতে ঠায়ে ঠায়ে পাহাৰৰ মাটি খহি পৰিছে।

উল্লেখযোগ্য যে, ২০১৭–২০১৮ চনত সজ্জনপাৰা–ছাটাৰগাঁও সংযোগী পথটো পকীকৰণ কৰা হয়। পথটো যাতায়তৰ বাবে সূচল হৈ উঠিছিলহে কিন্তু প্ৰাকৃতিক দুৰ্যোগে গাঁওবাসীৰ সকলো আশা শেষ কৰি থৈ গ’ল।

এন ই চি পথৰ পৰা সজ্জনপাৰা–ছাটাৰগাঁৱলৈ যোৱা পথটো পকীকৰণ হোৱাৰ পাছত মনোৰম প্ৰকৃতিৰ মাজত অৱস্থিত উক্ত গাঁওখন আৰু দুই কিলোমিটাৰ নিলগত অৱস্থিত থিয়পানী জলপ্ৰপাত চাবলৈ অঞ্চলটোলৈ দেশী–বিদেশী পৰ্যটকৰ আগমণ ঘটিছিল। বিভিন্ন বিদ্যালয়–মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক, ছাত্ৰ–ছাত্ৰীসকলেও শিক্ষামূলক ভ্ৰমণৰ বাবে উক্ত গাঁওখনলৈ যোৱা আৰম্ভ কৰিছিল।  

তেনে সময়তে গাঁওখনৰ একমাত্ৰ যোগাযোগৰ পথটো প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱাত গাঁওবাসীৰ লগতে পৰ্যটকৰ যাতায়তৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে। বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কে গুৰুত্বপূৰ্ণ এই পথটো তৎকালে মেৰামতি কৰিবলৈ সময় হ’ব নে? গাঁৱবাসীয়ে আশাৰে বাট চাই ৰৈ আছে।

<< ইউটিউবৰ ভিডিঅ’ লিংক >> 

<< ফেজবুক পেজৰ ভিডিঅ’ লিংক>> 

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Title Pix: Prabhat Rabha, Staff Photographer

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward