Saturday, April 20, 2024
HomeARTICLEডিজিটেল সংবাদ প্ৰতিষ্ঠান প্রাতঃ টাইমৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  

ডিজিটেল সংবাদ প্ৰতিষ্ঠান প্রাতঃ টাইমৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস  

প্ৰকাশিত তাৰিখঃ ২১ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ বিজয় নগৰস্থিত ডিজিটেল মাধ্যমৰ সংবাদ প্ৰতিষ্ঠান প্ৰাতঃ টাইমে তৃতীয়টো বৰ্ষত ভৰি দিলে। থলুৱা ভাষা–কৃষ্টিৰ আধাৰ প্ৰতিস্থিত সংবাদ প্ৰতিষ্ঠানটোৱে ২২ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে মিৰ্জাস্থিত শ্বহীদ ভৱন প্ৰেক্ষাগৃহত উদযাপন কৰিব তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।

এই বৰ্ষৰ প্ৰতিষ্ঠা দিৱসত সমাজ সেৱাৰ সৈতে জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি বিশেষৰ সন্মানৰ অৰ্থে বিভিন্ন শিতানত বঁটা আগবঢ়াব। লগতে বিপুল দাস, কিশোৰ কলিতা, শিৰষ দাসৰ যুটীয়া সম্পাদনাত ‘সুপ্ৰভাত’ নামেৰে আলোচনী এখন প্ৰকাশৰো দিহা কৰিছে। প্ৰাতঃ টাইমৰ পৰিয়ালবৰ্গই জীৱনজোৰা সাধনা বঁটা আগবঢ়াব অৰ্জুনখ্যাত ভোগেশ্বৰ বৰুৱা আৰু বিশিষ্ট সাংবাদিক, চিন্তাবিদ হাইদৰ হুছেইনক।

সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্য্যসূচী অনুসৰি ২২ জানুৱাৰীৰ ৰাতিপুৱা ৯ বজাত থলূৱা খাদ্য সামগ্ৰী প্ৰস্তুতকৰ্তা ভোগালী জলপানৰ মুখ্য পৰিচালক অচ্যুত কলিতাই স্মৃতি তৰ্পণেৰে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী মুকলি কৰিব। পিছৰ কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰিব জেষ্ঠ সাংবাদিক তথা কামৰূপ জিলা সাংবাদিক পৰিষদৰ সভাপতি দীপক কলিতাই।

দিনৰ ১১ বজাত মুকলি মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে। মুকলি সভাত বিশিষ্ট ব্যক্তি দুগৰাকীলৈ বঁটা প্ৰদান কৰিব অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে।

সংবাদ প্ৰতিষ্ঠানটোৰ আলোচনী ‘সুপ্ৰভাত’ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। মুকলি সভাৰ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথি আৰু নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই।

অনুষ্ঠানত কামৰূপ আৰু কামৰূপ মহানগৰৰ জিলা পৰিবহন বিষয়া ক্ৰমে হিমাংশু দাস আৰু ৰূপজ্যোতি কলিতা, দুয়োখন জিলাৰ জনসংযোগ বিষয়াদ্বয় ক্ৰমে– বংকিম ভাগৱতী আৰু মণিমালা গগৈ আৰু বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অনুপ কুমাৰ মেধিয়ে৷

দুপৰীয়া ২.৩০ বজাত আয়োজিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিধায়ক অখিল গগৈয়ে অংশ গ্ৰহণ কৰিব। উক্ত সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, আপ’ৰ সমাম্বয়ক ভবেন চৌধুৰীও উপস্থিত থাকিব।

সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব সোণাৰী সমষ্টিৰ বিধা়য়ক ধৰ্মেশ্বৰ গগৈয়ে। উক্ত অনুষ্ঠানতে ৰাজ্যখনৰ ভিন্নপ্ৰান্তৰ নিৰ্বাচিত ১২গৰাকী সমাজ সেৱকলৈ ক্ৰমে– লাচিত বৰফুকন, ইছমাইল চিদ্দিকি সমন্বয় বঁটা আৰু বৰলুইত বঁটা প্ৰদান কৰিব।

সাংস্কৃতিক সন্ধিয়াৰ নিমন্ত্ৰিত অতিথিসকল– পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অসম প্ৰদেশ কংগ্ৰেছৰ উপ–সভাপতি নৱজ্যোতি তালুকদাৰ, আৰছু’ৰ কেন্দ্ৰীয় সম্পাদক প্ৰদীপ ৰাভা, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামী, পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰা, আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, বনাঞ্চলিক বিষয়া চেমিম আখটাৰ, দ্বীপন ডেকাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward