Saturday, February 8, 2025
HomeNEWSবৰিহাটৰ ছেইণ্ট জনছ্‌ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

বৰিহাটৰ ছেইণ্ট জনছ্‌ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

প্ৰকাশিত তাৰিখঃ ২৯ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ বৰিহাটস্থিত ছেইণ্ট জনছ্‌ ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস তথা বঁটা বিতৰণী সভাখন ২৭ জানুৱাৰীত অনুস্থিত কৰা হয়। সভাখনত উপস্থিত থাকে বিশিষ্ট শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ আনন্দ দাস, সাহিত্যক তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ গিৰিশ দাস, কৰুণা মহন্ত, আদিত্য দাস লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূষণ দাসে। কাৰ্য্যসূচীৰ আৰম্ভণিতে ভুষণ দাসে পতাকা উত্তলন কৰি চমু বক্তব্যৰে বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰে।

মঞ্চ মুকলি কৰি শ্ৰদ্ধাৰ আনন্দ দাসে ছাত্ৰ–ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ দুটি গীত পৰিৱেশনৰ পিছত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। গিৰিশ দাসে ছাত্ৰ–ছাত্ৰী সকলক বিদ্যালয়ৰ বাহিৰেও বিভিন্ন কিতাপ, আলোচনী পঢ়াৰ লগতে নিজাববীয়াকৈ লিখিবলৈও অনুপ্ৰাণিত কৰে। সাংবাদিক মিলন মহন্তই এটি কবিতা পাঠ কৰে।

বিদ্যালয়খনৰ শিক্ষয়িত্ৰীবৃন্দই এটি সমবেত গীতৰ লগতে নৃত্য, কবিতা পাঠ কৰে।

ইপিনে বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপন ৰাভাই নিজৰ সপোনৰ বিদ্যালয়খনৰ পৰিকল্পনাৰ বিষয়ে এইদৰে ব্যক্ত কৰে– আমি সৰু মানুহবোৰে ডাঙৰ সপোন দেখিলে আগুৱাই নিবলৈ বহুতো কষ্ট হয়। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল প্ৰতিগৰাকী ছাত্ৰ–ছাত্ৰীক অসমীয়া আৰু ইংৰাজী ভাষাত পাৰ্গত কৰি তোলা। মই বিশ্বাস কৰো যে We rise together, সেয়েহে প্ৰতিগৰাকী অভিভাৱকৰ পৰা সহায়–সহযোগিতা কামনা কৰো। আজিকালি বহুতো বিদ্যালয় তথা অভিভাৱকে শিশুহঁতক এটি যন্ত্ৰৰ দৰে তৈয়াৰ কৰিব খোজে। তেওঁলোকে শিশুৰপৰা অধিক আশা কৰে, সেয়া কিন্তু ভাল লক্ষন নহয়। পৰীক্ষাত লাভ কৰা কেইটামান নম্বৰে ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত নিৰ্ধাৰণ নকৰে। এনেকুৱা বহু উদাহৰণ আছে য’ত প্ৰাথমিক অৱস্থাত বেয়া ফল দেখুৱাইছিল, কিন্তু ভৱিষ্যৎ তেওঁলোক এজন সফল ব্যক্তিৰূপে প্ৰতিষ্ঠিত হৈছে।

অনুষ্ঠানখনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভিন ভিন জাতি–জনগোষ্ঠীয় ভাষাৰ নৃত্য, গীত-মাত লগতে কবিতা পাঠ পৰিৱেশন কৰি আপ্লুত কৰে। অনুষ্ঠানটিত লক্ষ্যনীয়ভাৱে অসমীয়া, ইংৰাজী, হিন্দী এই তিনিওটা ভাষাৰ ওপৰত সমানে গুৰুত্ব দিয়া পৰিলক্ষিত হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward