প্ৰকাশিত তাৰিখঃ ১ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
বগে ৰাজ্যৰ ৰাজকন্যা তথা আজন্ম শিল্পী আছিল বগেজাৰী। ২৮ ফেব্ৰুৱাৰীত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত বগেজাৰীৰ প্ৰথম বাৰ্ষিক আৱক্ষ মুৰ্তি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত দিনটোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাটৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা কৰা আৱক্ষ মুৰ্তিত বন্তি প্ৰজ্বলন কৰে লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভা আৰু মাল্যাৰ্পণ কৰে কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উপ–সভাপতি অমৃত ৰাভাই।
অনুষ্ঠানটোৰ সঞ্চালনা কৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি গোপীনাথ ৰাভা আৰু আঁত ধৰে সম্পাদক দেৱজিৎ ৰাভাই।
উল্লেখ্য যে ৰাজকন্যা বগেজাৰীৰ ওপৰত গভীৰ অধ্যয়ন চলোৱা তথা আজিৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বলক ভুবিন ৰাভাই কয়– ১৬শতিকাত দক্ষিণ কামৰূপত জনগোষ্ঠীয় ৰজা শাসিত ৰাণী, বৰদুৱাৰ, লুকী, বগে, পাণ্টান আদিকৰি ১৮খন ক্ষুদ্ৰ ৰাজ্য ৰাজ্য আছিল। স্বাধীনচিতীয়া এই ৰাজ্য সমূহৰ ভিতৰত ‘বগে’ এখন বিশেষ ৰাজ্য আছিল। বৰ্তমান গুৱাহাটী–গোৱালপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণীগাঁও–বনগাঁও অঞ্চল ব্যাপি আছিল বগে ৰাজ্য। বগে ৰাজ্যৰ ৰজা বগে সিং এজন সহজ–সৰল, সু–শাসক লগতে সাহিত্য–সংস্কৃতিৰ প্ৰতি গভীৰ অনুৰাগ আছিল। এইজন ৰজাৰ পাঁচোগৰাকী জিয়ৰি– বগেজাৰী, বহুৰাঙী, খোপাৰাঙী, ৰূপেমালী আৰু টৰেং পাগিলী। বগেজাৰী, বহুৰাঙী আৰু খোপাৰাঙী এই তিনিওগৰাকী আছিল আজন্ম শিল্পী। তিনিওগৰাকীয়ে গীত ৰচনা, সুৰ কৰাৰ লগতে নিজে নাচিব পাৰিছিল। কিন্তু সকলোতকৈ পাকৈত আছিল বগেজাৰী। তদুপৰি বগে সিঙৰ ঘৰখন পূৰ্বৰেপৰা এক সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱ থকা বাবে বগেজাৰী, বহুৰাঙী আৰু খোপাৰাঙীহঁতে সাহিত্য–সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছিল। সেয়ে নহয় নিজৰ দক্ষতাৰ বলত বগেজাৰী এদিন বগে ৰাজ্যৰ ৰাজৰাণী হৈছিল। ৰাজৰাণী বগেজাৰী কোচ ৰজা বিশ্ব সিংহৰ সমসাময়িক শাসক আছিল। ৰাজৰাণী বগেজাৰী সহজ–সৰল প্ৰকৃতিৰ বাবে ৰাজ্যখনৰ সকলোৰে প্ৰিয় আছিল। ইপিনে, অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া, ইতিহাসবিদ, বিশিষ্ট চিন্তাবিদ, লেখক ড০ জীতেন দাসে ‘ছয়গঞাৰ ইতিহাসৰ ৰেঙণি’ নামৰ মূল্যৱান গ্ৰন্থখনত বগেজাৰী অসমৰ প্ৰথমগৰাকী মহিলা কবি বুলি দাবী কৰি যোৱা বুলিও বন্তি প্ৰজ্বলকগৰাকীয়ে ব্যক্ত কৰে।
উক্ত অনুষ্ঠানত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক মহিলা পৰিষদৰ বিষয়ববীয়া, বহু সদস্য আৰু শুভাকাংক্ষী উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ