Saturday, April 20, 2024
Homeবাতৰিপ্ৰথমবাৰ অনুষ্ঠিত হ’ব নৰ্থ–ইষ্ট অলিম্পিক গেমছ্‌

প্ৰথমবাৰ অনুষ্ঠিত হ’ব নৰ্থ–ইষ্ট অলিম্পিক গেমছ্‌

প্ৰকাশিত তাৰিখঃ ৮ অক্টোবৰ, ২০১৮

চি এন ডেক্স

মণিপুৰ অলিম্পিক সন্থাই ইম্ফলত আয়োজন কৰিছে নৰ্থ–ইষ্ট অলিম্পিক গেমছ্‌। ৰাজধানী চহৰ  ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আয়োজন কৰা খেলখন অহা ২৪ ৰ পৰা ২৮ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে চলিব। সেয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকল ২৩ অক্টোবৰত উক্ত ষ্টেডিয়ামত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত উত্তৰ–পূবৰ সকলোকেইখন ৰাজ্যৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। ফুটবল, এথলেটিকছ, টাইকোৱানডো, কাৰাটে, জুডো, বক্সিং, উশ্বু, আৰ্চাৰী, টেবুল টেনিচ, ভাৰোত্তোলন, শ্বুটিং আৰু বেডমিণ্টনকে আদি কৰি ১২ টা ইভেণ্ট থাকিব।

ইয়াৰ আগত নৰ্থ–ইষ্ট গেমছ্‌ অনুষ্ঠিত হৈছে যদিও পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নৰ্থ–ইষ্ট অলিম্পিক গেমছ্‌। সংবাদ মাধ্যমত এই কথা ব্যক্ত কৰে মণিপুৰ অলিম্পিক সন্থাৰ সম্পাদক প্ৰধান সুনীল এলাংবামে। নৰ্থ–ইষ্ট অলিম্পিক গেমছ্‌ আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থা আৰু কেন্দ্ৰীয় চৰকাৰে বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ কথাও সম্পাদক প্ৰধানজনে ব্যক্ত কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward