Friday, April 26, 2024
HomeNEWSৰাণীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক প্ৰশিক্ষণ পাঠ্যক্ৰম শুভাৰম্ভ

ৰাণীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক প্ৰশিক্ষণ পাঠ্যক্ৰম শুভাৰম্ভ

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে প্ৰতিটো বৰ্ষতে ক্ষেত্ৰ সহায়কৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আয়োজন কৰি আহিছে। বিভাগে এই বৰ্ষটোত উক্ত পাঠ্যক্ৰমৰ বাবে ৩৭৮ শিক্ষাৰ্থীক নিৰ্বাচিত কৰিছে। সেই অনুসৰি আজি প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰেক্ষাগৃহত ২০২২ শিক্ষা বৰ্ষৰ প্ৰশিক্ষণ পাঠ্যক্ৰম কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজিৰ অনুষ্ঠানত ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই উপস্থিত থাকি বন্তি প্ৰজ্বনেলেৰে প্ৰশিক্ষণ পাঠ্যক্ৰম শুভাৰম্ভ কৰে। শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে– নিৰ্বাচিত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰিহে চৰকাৰী নিযুক্তি নিশ্চিত কৰা হ’ব। উল্লেখ্য যে, প্ৰশিক্ষণ কালৰ ভাল বেয়া ৰেকৰ্ডেই হ’ব নিযুক্তি নিৰ্ধাৰণৰ মূল মাপকাঠি। এই কথা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। কিয়নো প্ৰশিক্ষণ কালত বেয়া ৰেকৰ্ড গঢ়িলে সেই শিক্ষাৰ্থীক চৰকাৰী কোনো নিযুক্তি নিদিয়ে। প্ৰশিক্ষণ সমাপ্ত কৰিলেই নিযুক্তি পাব লাগে বুলিও কোনো কথা নাই। কিয়নো পুলিচ, আৰ্মীয়ে নিযুক্তিৰ পিচতহে প্ৰশিক্ষণ লাভ কৰে। কিন্তু এই পাঠ্যক্ৰমত প্ৰশিক্ষণৰ অন্ততহে নিযুক্তি লাভৰ ব্যৱস্থা আছে। মন্ত্ৰীগৰাকীয়ে পুনৰ দোহাৰে যে, এইবাৰৰ পাঠ্যক্ৰমৰ বাবে যিসকল  শিক্ষাৰ্থীয়ে নিৰ্বাচিত হৈছে তেওঁলোক যথেষ্ট মেধাসম্পন্ন।  

আজিৰ অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, পশুপালন বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা আৰ কলিতা, প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সঞ্চালক নিত্য নাৰায়ণ  মহন্ত, ভাৰপ্ৰাপ্ত বিষয়া উৎপল ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়ববীয়া লগতে নিৰ্বাচিত শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward