শীৰ্ষত ৰাভা হাছং যৌত মঞ্চ আৰু মিত্ৰ দল বিজেপি, অগপৰ প্ৰচাৰ
প্ৰকাশিত তাৰিখঃ ৩১ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাভা হাছং যৌথ মঞ্চ আৰু মিত্ৰ দল বিজেপি, অগপৰ প্ৰচাৰ তুংগত উঠিছে। ২৬ মাৰ্চত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাজাপানীচান্দাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা। ৩৬ নং ৰাণী পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চ আৰু মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী পুষ্পাঞ্জলী কুমাৰী বড়োৰ হৈ নিৰ্বাচনী সভাত ভাগ লয় ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই।
নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাই কয়– ৰাভা হাছঙৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৩ চনত। দ্বিতীয় নিৰ্বাচন ২০১৯ত আৰু ২০২৫ৰ ২ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় নিৰ্বাচন। ২০১৩ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ চৰকাৰৰ শাসনকাল চলি আছিল। সেই সময়ৰ পৰিষদীয় নিৰ্বাচনত আমাৰ বহুকেইজন কৰ্মী পুলিচৰ গুলীত নিহত হোৱাৰ লগতে বহু সংখ্যক কৰ্মী চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। দিনৰ পোহৰৰ দৰে সত্য এই কথা নিশ্চয় সকলোৰে মনত আছে। আজি কংগ্ৰেছ চৰকাৰে তাৰ কু–ফল ভোগ কৰিবলগীয়া হৈছে। সেই সময়ত গৃহ বিভাগৰ দায়িত্বত আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গৃহ বিভাগৰ সংসদীয় সচিব আছিল আজিৰ কংগ্ৰেছ দলটোৰ সভাপতি ভূপেন বৰা। এসময়ত কংগ্ৰেছে ৰাভা হাছঙৰ মানুহ পুলিচৰ হতুৱাই গুলী কৰি মাৰিছিল। আজি সেইখন ৰাভা হাছঙত ভূপেন বৰাই আসন দখলৰ বাবে অহৰহ চেষ্টা চলাইছে। এয়া কেনেধৰণৰ কথা! তেওঁ কয়– ৰাভা হাছঙৰ নিৰ্বাচনত কংগ্ৰেছ দলে এখনো আসন লাভ নকৰে। বাকী অন্যান্য দল, নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাভা হাছঙত আসন লাভৰ আশা নকৰাই ভাল। ৰাভা হাছঙৰ নিৰ্বাচনটোত আমি এশ শতাংশ আসন লাভ কৰিম। দুধনৈত আমাৰ মিত্ৰ দলৰ চৰকাৰ গঠন হ’ব।
আনহাতে, বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়– ৩৬ নং ৰাণী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পুষ্পাঞ্জলী কুমাৰী বড়োৰ বিজয় এশ শতাংশই নিশ্চিত। তেওঁ কয়– আহি থকা পৰিষদীয় চৰকাৰখনত ৰাণী সমষ্টিৰ প্ৰাৰ্থীগৰাকী যাতে কাৰ্যবাহী সদস্য পদ লাভ কৰিব পাৰে তাৰ বাবে সমষ্টিবাসী ৰাইজক অধিক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায়।
ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভা বাকছোক আৰু আঞ্চলিক যষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বাবুল ৰাভাই যুটীয়াভাৱে আঁত ধৰা নিৰ্বাচনী প্ৰচাৰ সভাখনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা, অগপ নেতা ৰবীন দৈমাৰী, মনোৰঞ্জন দাস বড়ো, বিজেপি নেতা অপূৰ্ব গোস্বামী, অবিনাশ চৌধুৰী, নিবাৰণ দাসে অংশ গ্ৰহণ কৰে।
উল্লেখ্য যে, ৰাণী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সামৰি প্ৰাক্তন মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৰাভা হাছং যৌথ মঞ্চ তথা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী ৩৩ নং কুলচী সমষ্টিৰ ৰশ্মিবালা ৰাভা আৰু ৩৪ নং চানডুবি সমষ্টিৰ নৃপেন চন্দ্ৰ ৰাভাৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে।
ইতিমধ্যে ৩৫ নং শিলপোতা সমষ্টিৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ