Saturday, December 14, 2024
HomeNEWSলোহাৰঘাটত চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সোঁৱৰণি ফুটবল প্ৰতিযোগিতা

লোহাৰঘাটত চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সোঁৱৰণি ফুটবল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ১৮ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ দক্ষিণ কামৰূপৰ লোহাৰঘাট এম ভি স্কুল খেলপথাৰত ১৬ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সোঁৱৰণি ১৪ বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত আয়োজিত ফুটবল প্ৰতিযোগিতাখনৰ ১৭ নৱেম্বৰত শেষ তথা চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

এই ফুটবল প্ৰতিযোগিতাখনত কামৰূপ জিলা আৰু মেঘালয়ৰ ৰি–ভয় জিলাৰ পাথাৰখামা ফুটবল ক্লাৱ আৰু পশ্চিম খাছি পাহাৰ জিলাৰ কেৰছাই ফুটবল ক্লাৱকে ধৰি মুঠ ৮টা দলে অংশ গ্ৰহণ কৰে। চূড়ান্ত খেলখন ৰাণী ক’চিং চেণ্টাৰ আৰু কেৰছাই ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত কেৰছাই ফুটবল দলে ৰাণী ক’চিং দলক ২–০ গলত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতা অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে। মুখ্য কাৰ্যবাহী গৰাকীয়ে ফুটবল খেল নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে উদ্যোগ গ্ৰহণ কৰা তিনিও সংগঠনক ধন্যবাদ জ্ঞাপন কৰে।

এই প্ৰতিযোগিতা অনুষ্ঠানতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰা জলপানিৰ চেক সমূহ প্ৰদান কৰে।

ফটোঃ চানডুবি নিউজ   
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward