Saturday, April 20, 2024
Homeবাতৰিবছৰ জুৰি অনুষ্ঠিত কৰিব মিনি হৰ্ণবিল উৎসৱ

বছৰ জুৰি অনুষ্ঠিত কৰিব মিনি হৰ্ণবিল উৎসৱ

প্ৰকাশিত তাৰিখঃ ১৪ মে’ ২০১৮

চি এন ডেক্স

পৰ্যটন খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নাগালেণ্ড চৰকাৰে। বৰ্তমান বিশ্বজুৰি খ্যাতি লাভ কৰা হৰ্নবিল উৎসৱক বছৰজুৰি সমগ্ৰ ৰাজ্যখনত পালন কৰিব। চৰকাৰে মিনি হৰ্নবিল ফেষ্টিভেলৰূপে ৰাজ্যখনৰ কেউখন জিলাতে আয়োজন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। এই মন্তব্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ।

মুখ্যমন্ত্ৰী ৰিঅ’ই প্ৰকাশ কৰে যে, ৰাজ্যখনত থকা জনজাতি উৎসৱসমূহ উদ্‌যাপন কৰি চহকী সংস্কৃতিবোৰ প্ৰদৰ্শন কৰিব পাৰিলে পৰ্যটকসকল আকৰ্ষিত হোৱাৰ লগতে উপকৃতও হ’ব। এই উৎসৱ সমূহ আয়োজনৰ ক্ষেত্ৰত চৰকাৰে সকলো প্ৰকাৰ সহায়–সহযোগ আগবঢ়াব। উৎসৱ সমূহ আয়োজনৰ পূৰ্ণাংগ ৰূপ দিব পাৰিলে ৰাজ্যত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব আৰু স্থানীয় অৰ্থনীতিৰ ভেটী শক্তিশালী হোৱাৰ লগতে নতুন নিয়োগ সৃষ্টি হ’ব।

দেশৰ পৰ্যটন মানচিত্ৰত নাগালেণ্ড ২৭ নং স্থানত আছে বুলি এক সূত্ৰত প্ৰকাশ। হৰ্নবিল উৎসৱে হ’ল ৰাজ্যখনৰ একমাত্ৰ ডাঙৰ আৰু জনপ্ৰিয় উৎসৱ। এই উৎসৱে ট্ৰেভেল কোম্পানী, গাড়ী চালক, হস্ততাঁত আৰু কাৰুশিল্প, খাদ্য উদ্যোগ, হোটেল–ৰেষ্টোৰা, ফুটপাথৰ ব্যৱসায়ী, ফেশ্যন ডিজাইনাৰ, ইভেণ্ট মেনেজমেণ্ট কোম্পানী আৰু অন্যান্য উদ্যোগীসকলক অৰ্থনৈতিকভাৱে উপকৃত কৰি তোলে।     

মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ জাতীয় সংগঠন হো–হোক এই দায়িত্ব ল’বলৈ আহ্বান জনায়। উৎসৱসমূহৰ মেলাত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ জৰিয়তে স্থানীয় অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনা আছে। সেয়ে হস্ততাঁত আৰু হস্তশিল্প উৎপাদনত ৰাজ্যখনৰ জনসাধাৰণক অধিক জড়িত কৰাবলৈ সংগঠনটিৰ প্ৰতি অনুৰোধ জনায়। 

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward