Thursday, March 28, 2024
HomeNEWSসীমান্তৰ তিনিখুটিৰ বনাঞ্চলত হাতেসজা বন্দুক জব্দ

সীমান্তৰ তিনিখুটিৰ বনাঞ্চলত হাতেসজা বন্দুক জব্দ

প্ৰকাশিত তাৰিখঃ ২০ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম–মেঘালয়ৰ সীমান্তৰ কাৱাসিং পাহাৰৰ তিনিখুটি অঞ্চলত আজি ৰাতিপুৱা এটা হাতেসজা বন্দুক জব্দ কৰে। আন্তঃৰাজ্যিক সীমান্তৰ শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ পৰা এটি দলে তিনিখুটি অঞ্চললৈ নিয়মীয়া টহলৰ বাবে গৈছিল।

উল্লেখ্য যে, বন বিভাগৰ দলটো তেনেদৰে গৈ থকা মুহুৰ্তত কিছু দূৰত কেইগৰাকীমান মানুহ দেখিবলৈ পায়। বন বিভাগৰ লোকক দেখাৰ লগে লগেই মানুহকেইজনে দৌৰি পলাই যদিও বন্দুকটো ঠাইতে এৰি থৈ যায়।

অৱশেষত বন বিভাগৰ দলটোৱে হাতেসজা বন্দুকটো লৈ আহে আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ হাতত সমজাই দিয়ে। বন বিভাগৰ সূত্ৰই অনুমান কৰা মতে উক্ত দলটো চোৰাং চিকাৰীৰ আছিল।

আজি খণ্ড বন বিষয়া ভূপেন বৰ্মণৰ নেতৃত্বত যোৱা দলটোত ফ’ৰেষ্টাৰ দুলাল দাস, বনকৰ্মী সমেন বড়ো আৰু অসম বন সুৰক্ষা বাহিনীৰ দুজন জোৱান আছিল।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward