Friday, April 26, 2024
HomeARTICLEবহুত্ববাদী ভাৰতবৰ্ষ গঢ়াৰ বাবে

বহুত্ববাদী ভাৰতবৰ্ষ গঢ়াৰ বাবে

প্ৰকাশিত তাৰিখঃ ২৫ অক্টোবৰ, ২০২১

কল্প ৰঞ্জন গগৈ

আজি ভাৰতবৰ্ষ জাগ্ৰত–যুৱ ছাত্ৰৰ নেতৃত্ব– নাৰী আৰু শূদ্ৰৰ জাগৰণ– লক্ষ্য আৰু উদ্দেশ্য– ইছলামীয় দেহা আৰু বেদান্তৰ দ্বাৰা পৰিচালিত বহুত্ববাদী ভাৰতবৰ্ষ– স্বামী বিবেকানন্দৰ মতে। ১৯০২ চনত মাথো ৩৯ বছৰ বয়সতে নিৰ্ব্বাণ লাভ কৰা স্বামীজীয়ে বহুত্ববাদী ভাৰতবৰ্ষৰ ভেটি স্থাপন কৰি থৈ গৈছিল আৰু বিদেশীনী ভগিনী নিবেদিতাক Margret E. Noble– শিষ্যা হিচাবে দেশখনৰ পূৰ্ণজাগৰণৰ বাবে শিক্ষিত কৰিবলৈ দায়িত্ব দি গৈছিল। নতুন ভাৰত নিৰ্মাণৰ দায়িত্ব লোৱা সকলোবোৰ স্বামীজীৰ উত্তৰসুৰী যদিও আজি বহুত্ববাদৰ শত্ৰুসকল বা ভেদনীতিৰ সমৰ্থকসকলে গেৰুৱা বসন পিন্ধিলেও স্বামীজীৰ দৰ্শনৰ শত্ৰু। যীশুৰ ৬৩২ বছৰ পূৰ্বে জন্ম লোৱা ভগৱান বুদ্ধৰ বাণী স্বামীজীৰ মতে Logical definition and conclusion of Hinduism– হিন্দুত্ববাদৰ যুক্তিবাদী বৰ্ণনা ও সিদ্ধান্ত। ভাৰতবৰ্ষৰ বহুত্ববাদৰ Pluralismৰ জনক হৈছে ভগৱান বুদ্ধ। আল্লাৰ প্ৰথম নবী। সাত আৰু ৰাজ মিলাই একৰাজ কৰা এসময়ৰ আলহী চাওলুং চ্যুকাফা মৰাণ ৰজা বডৌচাৰ জোঁৱাই হৈ হ’লগৈ থলগিৰি। তেওঁ ও তেওঁৰ লগৰীয়া আলহী/ থলগিৰিসকলে এৰি যোৱা দেশত শ্ৰীমন্ত শংকৰে বহুত্ববাদৰ সম্প্ৰসাৰণ ঘটালে সাংস্কৃতিক আন্দোলনৰ মাধ্যমেৰে। ভেদনীতি গ্ৰহণ কৰা বাবেহে বেলিমাৰ গৈছিল। জাতিৰ পিতাজনে পুনৰ বহুত্ববাদৰ আদৰ্শেৰে সুৰ্য্যোদয় আনিলে ১৯৪৭ৰ ১৫ আগষ্টত যদিও তেওঁক চিৰবিদায় দি পুনৰ ভেদনীতিৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল যোৱা সাতটা দশকত। আজি এই ভেদনীতি অতি তীব্ৰ হোৱা বাবে বহুত্ববাদৰ পক্ষত দেশ গৰজি উঠিছে।

স্বামীজীয়ে বিভক্ত ভাৰতবৰ্ষ দেখা নেপালে। জাতিৰ পিতাজনক হত্যা কৰালৈ ৰৈ নেথাকিল। কিন্তু বৃটিছৰ নিষ্ঠুৰতাৰ লগতে কৰ্মকাণ্ডৰ বিষয়ে অৱগত। সেয়ে তেওঁ কৈছিল– A few hundred modernized, half educated and denationalized men are all the show of modern English India. More terrible famines that have become the inevitable consequences of British rule– বৃটিছ ৰাজত্বৰ পৰিণতি হ’ল কিছু অৰ্দ্ধ শিক্ষিত বিজতৰীয়া তথাকথিত আধুনিক মানুহ আৰু দুৰ্ভীক্ষ– তাতকৈ কম–বেছি একো নাই। তেওঁৰ মতে The Mohammedon conquest of India came as a salvation to the downtrodden, to the poor– মুছলমানৰ শাসন আছিল ভাৰতবৰ্ষৰ শোষিত–দলিত সকলৰ মুক্তিৰ যুগ।

আজিৰ ভাৰতবৰ্ষত প্ৰচলিত ভেদনীতিৰ বিৰুদ্ধে স্বামীজীৰ চিন্তাধাৰা তথা আদৰ্শ আমাৰ পথ প্ৰদৰ্শক হ’ব লাগিব– বিশেষকৈ স্বামীজীয়ে কোৱা বৈশ্য যুগত য’ত সকলো দিশত চৰম পতন দেখা গৈছে, অবক্ষয় হৈছে সৰলৰ পৰা জটিল হৈ আজিৰ চৰম কুটিল অৱস্থালৈ। ভাৰতৰ দৰ্শনৰ মতে আজি ঘোৰ কলিকাল– তৃতীয় তথা অন্তিম নবীজনাৰ মতে ‘কয়ামতৰ’ দিন সমাগত, আধুনিক সমাজ বিজ্ঞানৰ মতে ‘পুঁজিবাদৰ চৰম পতনৰ যুগ’। তেনে এটা সময়ত বসন্তকালৰ বাবে সপোন দেখা সকলে ঐক্যৱদ্ধ হৈছে যুৱ–ছাত্ৰ–স্ত্ৰী আৰু শূদ্ৰৰ নেতৃত্বত আৰু দৃঢ়তাৰে আগবাঢ়ি গৈ আছে অসংস্কৃতিৰ ধাৰক–বাহক সকলৰ বিৰুদ্ধে। আমাৰ অসমখন এখন প্ৰকৃত সোণালী বাগিছা গঢ়িবলৈ বদন–লালুকসোলা তথা ৰাজ কাৰেঙৰ গোমফেটি সকলৰ বিৰুদ্ধে, বাহিৰৰ পৰা অহা ৰাম সিংহ–তুৰ্ব্বকসকলৰ বিৰুদ্ধে মূলাগাভৰু–সতী জয়া–কনকলতা–ৰাণী গাইডিনলাও সকলে এক মতৰ ‘মতক’ বাহিনী গঠন কৰিছে সকলো ‘মায়া–মোহ মাৰি’। অসম তথা ভাৰতবৰ্ষৰ ভৱিষ্যত গঢ়াৰ ক্ষমতা এই ‘মতক’ বাহিনীৰ হাততহে আছে। স্বামীজীৰ মতে ভাৰতবৰ্ষৰ চৰ্দাৰ সকল হ’ব লাগিব ‘শিৰদাৰ’ Not Sordars but Sirdars। আজি সমগ্ৰ বিশ্বতে গণ জোৱাৰ উঠিছে– সাগৰে ঘনাই গৰ্জ্জন কৰিছে– কালধুমুহা আহিছে– সমাজৰ জাৱৰ–জোথৰ নাইকিয়া কৰিবলৈ।

ভগৱান বুদ্ধৰ ‘বহুজন সুখায় বহুজন হিতায়’, আমাৰ মহাপুৰুষজনাৰ ‘কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম’, ঠাকুৰ ৰামকৃষ্ঞ পৰমহংসৰ ‘য’ত মত ত’ত পথ’, স্বামীজীৰ ‘শূদ্ৰযুগ’ য’ত সকলো স্ত্ৰী হ’ব মহিয়সী মাতৃ–শক্তি, শান্তি তথা জ্ঞানৰ উৎস– সেইখনেই আজিৰ গণযুগৰ ৰূপকোঁৱৰ–কলাগুৰু–ভাৰতৰত্নৰ জ্ঞানময়তন্ত্ৰৰে পৰিচালিত বহুত্ববাদী ভাৰতবৰ্ষ। মহান মনিষী কাৰ্ল মাৰ্ক্সৰ মতে– ‘দাৰ্শনিক সকলে পৃথিৱীখনক ব্যাখ্যা কৰিলেই নহ’ব–তাৰ পৰিবৰ্তন ঘটাব লাগিব’। সেয়ে আজি ‘মহাজ্ঞানী ৰাজনীতিবিদ (পতনশীল)সকলে চিঞৰিছে জনতাক বিভ্ৰান্ত কৰিবলৈ– ‘বুদ্ধিজীৱিসকল নিমখ হাৰাম আৰু ননচেন্স’ ‘প্ৰতিবাদীসকল দেশদ্ৰোহী’ আৰু ‘সমাজৰ চোৰ–গুণ্ডা–বদমাচ–ধৰ্ষণকাৰী’ আদি চয়তানসকল ‘মহাজ্ঞানী–মহাবন্ধু–দেশৰ সম্পদ তথা ‘গৌৰৱ’। সেয়ে জনতাই সাৱধানে খোজ দিয়ক– চক্ৰান্তৰ জালত ভৰি নিদিব।       

শিৰোনামৰ ছবিঃ ইণ্টাৰনেট

Title Image: Internet

 

(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৃষি বিষয়া)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward