Thursday, July 25, 2024
HomeUncategorizedচানডুবিৰ পৰ্যটন অনুসন্ধান বিষয়া ডেনী গামলৈ বিদায় সম্বৰ্দ্ধনা

চানডুবিৰ পৰ্যটন অনুসন্ধান বিষয়া ডেনী গামলৈ বিদায় সম্বৰ্দ্ধনা

প্ৰকাশিত তাৰিখঃ ১৮ ছেপ্টেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বিশিষ্ট কবি ডেনী গাম ২০১৫ চনৰ পৰা ২০২২ চনলৈ অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনস্থ চানডুবি পৰ্যটক নিবাসত কাৰ্য নিৰ্বাহ কৰিছিল। পৰ্যটন অনুসন্ধান বিষয়াৰূপে কৰ্মৰত ডেনী গাম কলকাতাৰ অসম ভৱনলৈ বদলি হৈছে। বিষয়াগৰাকীক বিদায় সম্বৰ্দ্ধনা জনাবলৈ ১২ ছেপ্টেম্বৰত চানডুবি পৰ্যটন নিৱাসত এক আনুষ্ঠানিক সভাৰ আয়োজন কৰে। চানডুবি ট্যুৰিষ্ট গাইড এচ’ছিয়েচনৰ উদ্যোগত আৰু চানডুবি নৌকা সন্থা, চানডুবি জংগল কেম্প, লেক্‌ভিউ হোমষ্টে’ৰ সহযোগত এই বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়।

উক্ত দিনৰ ১১বজাত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা সভাখন সঞ্চালনা কৰে ট্যুৰিষ্ট গাইড কন্দৰ্প বড়োৱে। এই সভাত– বিষয়াগৰাকীলৈ চানডুবি ট্যুৰিষ্ট গাইড এচ’ছিয়েচনৰ তৰফৰ পৰা এখন ৰাভা পাজাৰ, সম্বৰ্দ্ধনা পত্ৰ আৰু জংগল কেম্প, লেক্‌ভিউ হোমষ্টে’ৰ তৰফৰ পৰা ৰাভা পাজাৰ লগতে বহুলোকে ব্যক্তিগতভাৱে পাজাৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জনায়।

উল্লেখযোগ্য যে, চানডুবি পৰ্যটক নিবাসৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহৰ সময়ছোৱাত ডেনী গামে বৃহত্তৰ চানডুবি অঞ্চলৰ পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছিল। বিশেষকৈ চানডুবিৰ এই অঞ্চলটোত প্ৰথম চাইক্লিং কৰাৰ ব্যৱস্থা প্ৰচলন কৰিছিল। ইপিনে– ৰাণীখামাৰৰ কাফানডঙা জলপ্ৰপাত, বাঢ়ৈগাঁৱৰ চ’লকা জলপ্ৰপাত, বাখালাপাৰাৰ ৰামটেং জলপ্ৰপাত, বৰনিজৰা, কুণ্ডিলমুখ, ঝলকাট জলপ্ৰপাত, জমাগুৰি পাহাৰৰ ৰামচন্দ্ৰ আশ্ৰম, কুলসীত ব্ৰিটিছে নিৰ্মাণ কৰা আই বি, জিমিৰিগাঁৱত উৎপাদিত কমলাটেঙা লগতে কলৰ বাগান সমূহক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু ৰূপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিছিল। তাৰোপৰি ৰাভা জনজাতি সকলে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা ৰাভিয়ান ভদকাৰে পৰ্যটকসকলক আপ্যায়নৰো দিহা কৰিছিল।

বিষয়াগৰাকীৰ বিদায় সভাত স্থানীয় শিল্পী মৎস্য ৰাভাই বাঁহীৰ সুৰত ৰাভা সংগীত, বৰগীত আদি পৰিৱেশন কৰে। সঞ্জয় ৰাভা, দিগন্ত ৰাভাকে ধৰি বিভিন্নজনে প্ৰদান ভাষণ প্ৰসংগত ডেনীৰ গামৰ বিগত দিনৰ কাম–কাজৰ প্ৰতি শলাগ লয়। তদুপৰি অনাগত দিনবোৰতো তেখেতে চানডুবিৰ উন্নতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward