Thursday, April 25, 2024
Homeবাতৰিবিশ্ব শ্ৰেষ্ঠ অসমৰ চাহ

বিশ্ব শ্ৰেষ্ঠ অসমৰ চাহ

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

‘বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ চাহ’ এই বক্তব্য ব্ৰিটিছ উপ–উচ্চায়ুক্ত ব্ৰুছ বাকনেল’ৰ। সম্প্ৰতি বাকনেল’ৰ এই বক্তব্যত ৰাজ্যখনৰ চাহ খেতিয়কসকল উৎসাহিত হোৱাৰ লগতে জনসাধাৰণেও গৌৰাম্বিত অনুভৱ কৰিছে।

উল্লেখ্য যে, ‘প্ৰযুক্তি আৰু আৱিষ্কাৰ’ শীৰ্ষক গুৱাহাটীত অনুষ্ঠিত এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰিবলৈ আহিছিল ব্ৰিটিছ উপ–উচ্চায়ুক্ত গৰাকীয়ে। অনুষ্ঠানটোত উপষ্ঠিত থাকি তেওঁ কয় যে– চাহখেতি অসমৰ প্ৰধান ব্যৱসায়। সম্প্ৰতি এই ব্যৱসায়ত বহু বিদেশী প্ৰতিষ্ঠানে বিনিয়োগ কৰাৰ ফলত এই ব্যৱসায় তীব্ৰ প্ৰতিযোগিতামূলক ব্যৱসায় হৈ পৰিছে।

তেওঁ উল্লেখ কৰে যে, দেশত উৎপাদিত চাহৰ ৫০ শতাংশ চাহ অকল অসমে উৎপাদন কৰে। উন্নত প্ৰযুক্তি প্ৰয়োগৰ ফলত উৎপাদনৰ হাৰ অধিক বৃদ্ধিৰ সম্ভাৱনা আছে। এই সম্ভাৱনাই অসম সহিতে উত্তৰ–পূৰ্বাঞ্চললৈ ব্ৰিটিছ কোম্পানী, তথ্য–প্ৰযুক্তিৰ প্ৰতিষ্ঠানসমূহৰ বিনিয়োগৰ ক্ষেত্ৰত আকৰ্ষণ বৃদ্ধি কৰিব। ফলত পৰ্যটকৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে অনাগত দিনবোৰত অসমৰ চাহৰ বাবে ম্যানমাৰ, থাইলেণ্ড আৰু বাংলাদেশ এক গুৰুত্বপূৰ্ণ বজাৰ হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে। এইক্ষেত্ৰত অসম চৰকাৰে যদি কিছু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰে তেনেহ’লে অসমৰ চাহ উদ্যোগটো সমগ্ৰ বিশ্বতে এক লেখত ল’বলগীয়া উদ্যোগৰূপে পৰিগণিত হ’ব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

biswor-vitorote-shreshto-asomor-chah__foto“>Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward