Friday, April 19, 2024
HomeUncategorizedবিহুৰ সপোন

বিহুৰ সপোন

প্ৰকাশিত তাৰিখঃ ১৮ এপ্ৰিল, ২০২২

কল্প ৰঞ্জন গগৈ –

বিহুৰ ভিতৰতে আছে সৃষ্টিৰ সপোন–সহযোগিতাৰ দৰ্শনৰ প্ৰতিশ্ৰুতি। বৰ্তমান সময়ৰ আঁহফলা অপসংস্কৃতিৰ বিপৰীতে কৃষ্টি–সংস্কৃতি যাৰ ধাৰক–বাহক হালোৱা–মেকানিক–পথাৰ আৰু ৱৰ্কচ’প Farm and Workshop। বিহুক লৈ বেপাৰ কৰাৰ লগেলগে ইয়াৰ ‘পিত’ মাৰি পেলোৱা হয়। কৃষকে হাঁড়ভঙা পৰিশ্ৰম কৰে আৰু এই পৰিশ্ৰমৰ ফচল সৃষ্টিৰ বাবেই কৃষকে বিহু মাৰে। শস্য উৎপাদন হয়– সকলো জীৱই ইয়াক উপভোগ কৰে– উপভোক্তাই দাম দি ক্ৰয় কৰে আৰু এই দামৰ সিংহভাগ বেপাৰীয়েহে পায়। তেনেই নামমাত্ৰ লাভৰ অংশ কৃষকলৈ গ’লেও কৃষকে উৎপাদন কৰিবলৈও নেৰে– বিহু মাৰিবলৈও নেৰে। সেয়েহে কৃষকৰ বিহু অমলীন আৰু তাৰ বিপৰীতে চান্দা তোলা ফাংচন বিহু সদায়েই মলীন। সেয়ে ই প্ৰদৰ্শনী আৰু বিজ্ঞাপনৰহে প্ৰাণকেন্দ্ৰ– Exhibition and advertisement centre হয়গৈ।

প্ৰশ্ন হয়, এই বিজ্ঞাপন আৰু প্ৰদৰ্শন কেতিয়া গৈ মানুহৰ সহযোগিতাৰ উৎসৱ হ’বগৈ? উত্তৰ তেনেই সহজ– পৃথিৱী যেতিয়া বৰ্তমানৰ প্ৰদৰ্শনী আৰু বিজ্ঞাপনৰ কঢ়াল গ্ৰাসৰ পৰা মুক্ত হৈ পৃথিৱীৰ উৎপাদনকাৰী মানুহ হালোৱা আৰু মেকানিকৰ হাতলৈ যাব। বৰ্তমানৰ বালক সূলভ ৰাজনীতি বিকশিত হৈ পুৰঠ হ’ব। তাৰ বাবে হেজাৰ হেজাৰ বিহু–সাংস্কৃতিক আন্দোলন লাগিব– হেজাৰ হেজাৰ যুৱক–যুৱতীৰ কৰ্মী বাহিনী লাগিব। হেজাৰ হেজাৰ জ্যোতিপ্ৰসাদ–বিষ্ঞু ৰাভা–ভূপেনৰ নেতৃত্বত এই অভিযান চলিব অবিৰাম। আজি বিশ্বৰ বেপাৰী–অপসংস্কৃতিৰ নিৰ্দেশত দেশে দেশে আঁহফলা–ভেদনীতিৰ অভিযান চলিছে তাক ৰূদ্ধ কৰিবলৈকে লাগিব যুদ্ধ–বিহু–সংস্কৃতিৰ মৰ্মবস্তু সহযোগিতা–সদিচ্ছা–সংবেদনশীলতা আৰু হেপাহ।

আজি সমগ্ৰ পৃথিৱীখন ভূপেনময় Bhupenised কৰিব লাগিব। বব্‌ ভাইলানে এই ভূপেনাইজেচনৰ কথা তুলি ধৰিছিল এনেদৰে– The entire World would have been Bhupenised had he remained in the USA.

আজি নিজৰাপাৰৰ পৰাই মই মুক্তিযোদ্ধা ৰতিৰাম গগৈৰ নাতিয়ে অনুভৱ কৰো যে ইয়াক কৰাৰ দায়িত্ব আমিয়েই ল’ব লাগিব। ৰতিৰাম গগৈৰ পুতেক–জীয়েক–জোঁৱায়েক সকলোবোৰ স্বাধীনতা যুঁজৰ সৈন্য আছিল আৰু স্বাধীনতাৰ পৰৱৰ্তী অৱস্থাৰ ৰূপ দেখি অসন্তুষ্ট হৈ আছিল। অসন্তুষ্ট আছিল বিষ্ঞু ৰাভা আৰু তেওঁৰ প্ৰিয় শিষ্য ভূপেন।

সেয়েহে আমি কওঁ ভৱিষ্যতৰ বিহু হ’ব লাগিব বিষ্ঞুময়–ভূপেনময় আৰু গঢ়িব লাগিব কটকটীয়া মৰমৰ এনাজৰী। জনগণৰ গভীৰ আস্থাৰ গান।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward