Wednesday, April 24, 2024
HomeNEWSবেলিকিডছ এডুকেয়াৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লগতে শিল্পী দিৱস উদযাপন

বেলিকিডছ এডুকেয়াৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লগতে শিল্পী দিৱস উদযাপন

প্ৰকাশিত তাৰিখঃ ১৭ জানুৱাৰী, ২০২৩

মিতুমণি দাস –

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বৰিহাটস্থিত ‘বেলিকিডছ এডুকেয়াৰ’ এটি আগশাৰীৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। উক্ত প্ৰতিষ্ঠানটোৱে ১৭ জানুৱাৰীত শিল্পী দিৱসৰ লগতে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰে।

এই উপলক্ষে আয়োজিত কৰা হয় বিশেষ সাংস্কৃতিক অনুষ্ঠান। উক্ত সাংস্কৃতিক কাৰ্যসূচীত বেলিৰ কণ-কণ মইনাসকলে পৰিৱেশন কৰা অনুষ্ঠানসমূহে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে।

অনুষ্ঠানটোত প্ৰতিভাবান শিশুশিল্পী হিমাংশু প্ৰসাদ দাস, বিশিষ্ট ব্যংগ সাহিত্যিক তথা ২০২২ বৰ্ষৰ ত্ৰৈলক্য দত্ত সোঁৱৰণী কাৰ্টুনিষ্ট বঁটাপ্ৰাপক সাংবাদিক নুৰুল ইছলাম, ভাস্কৰ্যশিল্পী পৱন মহন্তৰ লগতে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ননীবালা দাস আৰু বহু গন্যমান্য ব্যক্তি অংশ গ্ৰহণ কৰে।

বেলিকিডছৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ দুখন সহযোগী পাঠ্যপুথি ক্ৰমে Reading is Easy–an English Reader for Class– I and II আৰু Soft Skill for Beginers উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতীম বৰুৱাই।

বেলিকিডছৰ শিক্ষয়িত্ৰী মমতা দাস আৰু পল্লবী দাসে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকি নুৰুল ইছলাম আৰু মানস প্ৰতীম বৰুৱাই শিশু বিকাশৰ বাবে বেলিয়ে হাতত লোৱা উপযোগী দিশ সমূহৰ প্ৰশংসা কৰে। এই অনুষ্ঠানতে সদ্যসমাপ্ত বিদ্যালয় সপ্তাহৰ বঁটাসমূহো বিতৰণ কৰা হয়।

ফটোঃ মিতুমণি দাস

Pix: Mitumani Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward