প্ৰকাশিত তাৰিখঃ ৩ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত ২জুনত এখন ৰাজহুৱা সভা আৰু সংবাদ মেলৰ আয়োজন কৰা হয়। উল্লেখ্য যে, জনজাতি আৱেষ্টনী ভাঙি বৰদুৱাৰ চাহ বাগিচাৰ ১,৫০০ একৰ (৫,২৫০ বিঘা) ভূমিত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জি এম ডি এ তথা বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপনৰ বিৰুদ্ধে এই সভা আয়োজন কৰা হয়।
বাগান জাৰাপাটা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলখনত বানেশ্বৰ ৰাভা, গোবিন্দ ৰাভা আৰু আদিত্য ৰাভাই সম্বোধন কৰে। সেই অনুসৰি বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ প্ৰস্তাৱ পাঠ কৰে বানেশ্বৰ ৰাভাই। এক) ১৯৫৫ চনৰ চিলিং আইন, ১৯৭১ চনৰ ৰায়তী আইন আৰু অসম চৰকাৰৰ কেবিনেটে সময়ে সময়ে গ্ৰহণ কৰা জনকল্যানকামী ভূমি আইনৰ অধীনত ২,১০০টা পৰিয়াল, অনুষ্ঠান–প্ৰতিষ্ঠানক নীতিগতভাৱে ভূমিৰ অধিকাৰ প্ৰদান কৰক। দুই) ২,১০০ পৰিয়ালৰ ভিতৰত ৪৩৪টাৰ অস্থায়ী বন্দোবস্তী, ১৬৬ টাৰ আৱণ্টিত ভূমি, বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানীয়ে লিখিতভাৱে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ ভূমি, অনুষ্ঠান–প্ৰতিষ্ঠানক প্ৰদান কৰা লিখিত নথিৰ ভূমি লগতে কোনো লিখিত তথ্য নথকা অথচ বছৰ বছৰ ধৰি পতিত ভূমিত বসবাস কৰি থকা ভোগদখলকাৰীক ন্যায়গতভাৱে ভূমিৰ অধিকাৰ প্ৰদান কৰক। তিনি) বাগান শান্তিপুৰ, লাডুগুৰী গাঁৱৰ কিছু অংশ লগতে ৰঙামাটিৰ নিকটৱৰ্তী গাঁওসমূহকো ভূমিৰ অধিকাৰ প্ৰদান কৰক। চাৰি) চাহগছ থকা, কোনো কৃষকৰ দখলত নথকা, সম্পূৰ্ণ মুকলি ভূমি, হাবি–জংঘল পৰিপূৰ্ণ, পাহাৰ এলেকাৰ ভূমিত চৰকাৰী বা বাগিচা কৰ্তৃপক্ষই কোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বৰদুৱাৰ চাহ বাগিচাৰ শ্ৰমিক সন্থা আৰু আদিবাসী ছাত্ৰ সংগঠনৰ সিদ্ধান্তক আগস্থান দিয়া হ’ব। অৱশ্যে অন্যান্য জাতীয় দল– সংগঠনৰো বক্তব্যক অগ্ৰাধিকাৰ দিয়া হ’ব।
উল্লেখনীয় যে এডভাণ্টেজ অসম প্ৰকল্প সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ মে’ত নতুন দিল্লীত অনুষ্ঠিত এক পৰ্যালোচনা সভাত বৰদুৱাৰৰ ১,৫০০ একৰ ভূমিত চেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনাত অসন্তুষ্ট হৈ পৰিছিল বৰদুৱাৰৰ ৰাইজ। সেয়ে ২৯ মে’ত ৰাইজে বৰদুৱাৰত বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল। লগতে বিষয়তো সমগ্ৰ ৰাজ্যবাসীক জনোৱাৰ বাবে ৩০ মে’ত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰো আয়োজন কৰিছিল।
২ জুনৰ সংবাদ মেলত ভূমি পট্টন দাবী সমিতিৰ উপ–সভাপতি আদিত্য ৰাভাই প্ৰকাশ কৰে যে– ২৯ মে’ত ভূমি অধিকাৰৰ দাবীত বৰদুৱাৰত আয়োজন কৰা বিশাল প্ৰতিবাদী সভা সন্দৰ্ভত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই ফেচবুক লাইভযোগে ৰাইজক এক বাৰ্তা প্ৰেৰণ কৰিছিল। উক্ত বাৰ্তাটোত তেওঁ কৈছিল বৰদুৱাৰৰ মানুহখিনিৰ কোনো এজনকে উচ্ছেদ কৰা নহয়, চাই–চিতি পট্টা প্ৰদান কৰা হ’ব। কিন্তু বৰদুৱাৰত চেটেলাইট টাউনশ্বিপ নিৰ্মাণ হ’ব নে নহয় সেই বিষয়ে বিধায়কগৰাকীয়ে একো উল্লেখ কৰা নাই। আদিত্য ৰাভাই পুনৰ কয়– মুঠতে উচ্ছেদো নহয় আৰু চেটেলাইট টাউনশ্বিপো স্থানপন নহয় এই প্ৰতিশ্ৰুতি লাগে আমাক বিধায়কৰ পৰা। বিধায়ক মহোদয় চিধাকৈ কওক বৰদুৱাৰত চেটেলাইট টাউনশ্বিপ স্থাপন হ’ব নে নহয়? আমাৰ সিদ্ধান্ত আপোনাক জনালো– কোনো সৰ্বশক্তিমান আহিলেও আমাক উঠাব নোৱাৰে। মানে– উচ্ছেদ কৰিবলৈ নিদিও।
আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ভূমি পট্টন দাবী সমিতিৰ মুখ্য আহ্বায়ক গোবিন্দ ৰাভাই কয়– জনজাতীয় আৱেষ্টনী আৰু খণ্ড, স্বায়ত্তশাসিত এলেকা, ষষ্ঠ অনুসূচী ভুক্ত স্বায়ত্তশাসিত অঞ্চলত চৰকাৰে বিশাল পৰিমাণৰ ভূমি অধিগ্ৰহণ কৰিব লাগিলে জনজাতীয় সংঘৰ মুৰব্বী অথবা স্বায়ত্তশাসিত পৰিষদখনৰ অনুমোদনৰ প্ৰয়োজন। এই মুহুৰ্তত বৰদুৱাৰৰ ভূমিত টাউনশ্বিপ নিৰ্মাণৰ বাবে ৰাভা হাছং পৰিষদখনে চৰকাৰক অনুমোদন দিছে নে নাই সেই সন্দৰ্ভত একো জানিবপৰা হোৱা নাই। এতিয়া জানিব পৰা নগ’লেও সময়ৰ গতিত নিশ্চয় সকলোবোৰ তথ্য দিনৰ পোহৰৰ দৰে ওলাই পৰিব।
উল্লেখ্য যে, আজিৰ সংবাদমেলৰ অন্তত ৰাজহুৱা সভাখন অনুষ্ঠিত হয়। উক্ত সভাখন পৌৰহিত্য কৰে বৰদুৱাৰ ভূমি পট্টন দাবী সমিতিৰ মুখ্য আহ্বায়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে আদিত্য নাগে।
উক্ত সভাত ৰত্নেশ্বৰ ৰাভা, নিলমণি শৰ্মা, ৰামসিং দীয়া, গজেন ৰাভা, জ্যোতিষ ৰাভা, ইন্দ্ৰেশ্বৰ ৰাভা, দীপক ৰাভাই বক্তব্য প্ৰদান কৰে।
লগতে সদৌ অসম ব্ৰাহ্মণ সন্মিলন সমিতিৰ কামৰূপ জিলা সমিতি, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, ৰাভা যুৱ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদৰ বৰদুৱাৰ–ভোলাগাঁও কমিটি, চাহ মজদুৰ সংঘ, গাৰো সংগঠন, বড়ো গণ মঞ্চ আদি কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ