Tuesday, January 21, 2025
HomeNEWSচানডুবি উৎসৱৰ বাকৰিত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস

চানডুবি উৎসৱৰ বাকৰিত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস

প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবি জানুৱাৰীঃ জনগোষ্ঠীয় মাদল, খাম–পেটি, ঢোল–গগণাৰ শব্দত আজিও মুখৰিত হৈ পৰিছে চানডুবি উৎসৱৰ বাকৰি। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আঞ্চলিক মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগ আয়োজন কৰা পঞ্চদশ চানডুবি উৎসৱৰ আজি চতুৰ্থটো দিন। কাৰ্যসূচী অনুসৰি আজি পুৱা  লেৱা টনা খেল প্ৰতিযোগিতাৰে আজিৰ চানডুবি উৎসৱৰ চতুৰ্থ দিনৰ কাৰ্যসূচী আৰম্ভ হয়। আজি দুপৰীয়া উৎসৱৰ বাকৰিত বহুভাষিক কবি সন্মিলন এখনি অনুষ্ঠিত হয়। উক্ত সন্মিলনখনি সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এম কামালুদ্দিন আহমেদে। চানডুবি উৎসৱ উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিত নাফাই আঁত ধৰা অনুষ্ঠানটোত জনাৰ্দন পাটৰ আৰু বিজয় মাছলাই তিৱা ভাষাত, নিউটন কে বসুমতাৰী আৰু উজ্বলা পাটগিৰিয়ে বড়ো ভাষাত, জুৱেল পেগুৱে মিছিং ভাষাত, টুলটুল মানৱে অসমীয়া ভাষাত, ধ্ৰুৱনাৰায়ণ ৰাভাই ৰাভা ভাষাত, ৰতন কুমাৰ ৰায়হাজঙে হাজং ভাষাত কবিতা পাঠ কৰে। এই সভাত পি এইচ ডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আৱাসিক সঞ্চালক বিভূতি দত্ত আৰু অসম পৰিবহন উন্নয়ন নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সন্মানীয় অতিথিৰূপে উপস্থিত থাকে।

আবেলি চানডুবি উৎসৱৰ বাকৰিত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে বিশেষ অতিথিৰূপে উপস্থিত হয়। মন্ত্ৰীগৰাকী সংগ দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই। চানডুবি উৎসৱ উদযাপন সমিতিয়ে মন্ত্ৰীগৰাকীক সাংস্কৃতিক মঞ্চত সম্বৰ্ধনা জনায়। উৎসৱ উদযাপন সমিতিয়ে ‘চানডুবি উৎসৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বাৰ্ষিক সাহাৰ্য আৱণ্টন, জলস্তৰ নিয়ন্ত্ৰণৰ বাবে চানডুবি বিল আৰু কলহী নৈ সংযোগী লকেয়া দাৰেত বিজ্ঞান সন্মতভাৱে বান্ধ নিৰ্মাণ, চানডুবিকেন্দ্ৰিক পাৰিপাৰ্শ্বিক তথা গ্ৰাম্য পৰ্যটনৰ পদ্ধতিকৰণ, চানডুবি বিলৰ সংবৰ্ধন আৰু পৰিস্কাৰকৰণকে আদিকৰি দাবী সম্বলিত এক স্মাৰক পত্ৰ মন্ত্ৰীগৰাকীৰ হাতত প্ৰদান কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়– চানডুবি উৎসৱ আজি পৰ্যটকৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ কয়– ২০২১ চনত পৰ্যটন বিভাগটোৰ মন্ত্ৰী হিচাপে মই চানডুবি উৎসৱত আহিছিলো আৰু দূৰে দূৰে চাইছিলো প্ৰকৃততে চানডুবি বিলখননো কি আৰু চানডুবি উৎসৱনো কি। ইয়াৰ পিছত মই চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিলো চানডুবি বিলত মেটেকা তথা অপতৃণেৰে পৰিপুৰ্ণি হৈ থকা বুলি। এনেকৈ অপতৃণেৰে ভৰি থাকিলে এটা সময়ত চানডুবি বিলৰ সৌন্দৰ্য নাইকীয়া হৈ যাব। চানডুবিক আমি সকলোৱে মিলিজুলি ৰক্ষা কৰিব লাগিব। ঐতিহাসিক চানডুবি বিল সংৰক্ষণৰ বাবে মই বিশেষ পদক্ষেপ গ্ৰহণ কৰিম। এইক্ষেত্ৰত চানডুবি বিল আৰু কলহী নদীৰ পানী সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়নৰ বাবে মই বন মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ লগত বিশেষভাৱে আলোচনা কৰিম– বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।

অনুষ্ঠানৰ মাজে মাজে বড়ো, ৰাভা, গাৰো, অসমীয়া আদি সাংস্কৃতিক দলৰ বাৰৰহনীয়া নৃত্য প্ৰদৰ্শন কৰা হয়। লগতে নিশা ‘চানডুবিৰ বাকৰিত শীতৰ সুৰীয়া আড্ডা’ৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward