Friday, April 26, 2024
HomeUncategorizedমিৰ্জাৰ দোকানী ভাৰত তালুকদাৰে প্ৰহাৰ কৰিলে এটি ফুল কুমলীয়া শিশুক   

মিৰ্জাৰ দোকানী ভাৰত তালুকদাৰে প্ৰহাৰ কৰিলে এটি ফুল কুমলীয়া শিশুক   

প্ৰকাশি তাৰিখঃ ২৮ জুন, ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজ ৰিপ’ৰ্ট –

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জা বজাৰত আজি বিয়লি এগৰাকী দোকানীয়ে এটি শিশুক গালত প্ৰচণ্ড চৰ শোধোৱাক কেন্দ্ৰ কৰি মিৰ্জা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাটোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে। ঘটনাৰ বিৱৰণীমতে– ভাৰত তালুকদাৰ নামৰ এগৰাকী দোকানীয়ে কোনো কথাক লৈ এই শিশুটিক বেয়াকৈ চৰ শোধোৱাত শিশুটিৰ গাল–মুখ ক’লা পৰি যায়। তীব্ৰ বিষত শিশুটিয়ে কান্দিবলৈ ধৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত বহু লোক তথা পৰিয়ালৰ লোক উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰে।

এনে ঘটনাত স্থানীয় দোকানী, সচেতন লোক আদিয়ে একে আষাৰে গৰিহণা দিয়ে। ঘটনাৰ পিছত ন্যায় বিচাৰি শিশুটিৰ পৰিয়ালৰ লোকে পলাশবাৰী আৰক্ষী থানাত হাজিৰ হয়। অৱশ্যে ফুলকুমলীয়া শিশুক প্ৰহাৰ কৰা সেই অপৰাধীজনৰ ওপৰত আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward