Saturday, December 14, 2024
HomePOEMমৃত্যুৱে ভঙা সপোন  

মৃত্যুৱে ভঙা সপোন  

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ, ২০২৩

মৃত্যুৱে ভঙা সপোন  

পবিত্র কুমাৰ দাস –

প্রিয়দৰ্শিণী——-

বেদনাৰ চকুলো টুকি

ৰহঘৰত বহি থাকিলে শোভা নাপায়।

মই জানোঁ দেহি

মোৰ মৃত্যুৰ খবৰে

তোমাক বাৰুকৈ বিহ্বল কৰে।

তুমি সততাৰে

সংসাৰ তৰিবলৈ

সাহসী নাৰীৰ চিনাকি হৈ

জীৱন যুঁজত জয়ী হবই লাগিব৷

সোণপাহি, তোমাক জানোঁ নহয়

মোৰ জীৱন কালত

তোমাৰ নিৰ্মোহ দক্ষতা

আজিও বিফল নহ’বা

হৃদয়ত আঁকি থোৱা উচ্চল ছবি চাই

দৃঢ়তাৰে জগতক কবা

মোৰ অনুপস্থিতিত

মইনাহতে আখেজ ধৰিলে

গহীন ভেকাহি মাৰি

তাগিদাৰে সুদিনৰ আবদাৰ।

তুমিয়েই মই হৈ, তুমি হৈ

আশ্বাসৰ উৰণীয়া প্রতিপাল লৈ।

তোমাৰ বুকু ডাঠ্ হ’ব

আলফুলে আঁকি দিয়া

উকা কপালৰ অক্ষত চুমাটি

খেপিয়াই চালে —

তোমাৰ সাহস হ’ব

দু–গালত হাত বুলাই দিয়া

সাঁচতীয়া গুপুত মৰমখিনি

বিচাৰি পালে—

বুকুৰ নৈৰ জাঁজিবোৰ

সাহসেৰে হেঁচি-ঠেলি গুচালে

সুখৰ দিনবোৰ আহিবই।

সঁচাকৈ জানা!

তুমি আছা বাবেই

মোৰ আকস্মিক মৃত্যুতো

মুঠেই আক্ষেপ নাই

বুজিচা প্রিয়া, মোৰ মুঠেই দুখ নাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward