Friday, May 16, 2025
HomeNEWSমেঘালয়ৰ অসমীয়া গাঁও উমচা আৰু বাৰেগাঁৱত ব’হাগ বিহুৰ আনন্দ

মেঘালয়ৰ অসমীয়া গাঁও উমচা আৰু বাৰেগাঁৱত ব’হাগ বিহুৰ আনন্দ

প্ৰকাশিত তাৰিখঃ ২১ এপ্ৰিল, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ফ’ৰেষ্ট চ’কৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ মেঘালয়ত আছে দুখনকৈ অসমীয়া গাঁও উমচা আৰু বাৰেগাঁও। অৱশ্যে মেঘালয় গেজেটত গাঁওখনৰ নাম উমচাও বুলি লিপিৱদ্ধ কৰা আছে। উমচাও খাছি শব্দ। উম মানে– পানী আৰু চাও মানে– ৰঙা। পাহাৰৰ ধলপানী ফেনে–ফোটোকাৰে নামি আহোতে যি ৰঙা বৰণ লয় সেই ৰংটো খাছি সকলে ‘চাও’ বুলি কয়। মেঘালয়ৰ ৰি–ভয় জিলাৰ জিৰাং বিধান সভা সমষ্টিৰ অন্তৰ্গত এই গাঁও দুখনত ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰে।

উল্লেখ্য যে জিলাখনৰ পশ্চিম প্ৰান্তৰ গ্ৰাম্য বাণিজ্যিক চহৰ পাথাৰখামাৰ পৰা নাতি দূৰৈত অৱস্থিত গাঁও দুখনৰ উমচাত ১০০টা আৰু বাৰেগাঁৱত ১৫০টা পৰিয়ালে বসবাস কৰে। মুঠ ২৫০টা পৰিয়াল থকা গাঁও দুখনৰ ওচৰে–পাজৰে খাছি জনগোষ্ঠীৰ লোকেও বসবাস কৰে। হিন্দু ধৰ্মাৱলম্বী গাঁও দুখনৰ ৰাভা জনগোষ্ঠীৰলোক সকলে ১৪ এপ্ৰিল দিনটোত পৰম্পৰাগতভাৱে গৰু বিহু উদযাপন কৰে। উমচা গাঁৱৰ মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক, সম্পাদিকা ৰঞ্জিতা মেগো আৰু প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভাই প্ৰকাশ কৰা মতে– ১৫ এপ্ৰিলৰ পহিলা ব’হাগৰ মানুহ বিহুৰ দিনটোত তেওঁলোকে নিজৰ নিজৰ গাঁওখনৰ মুখিয়াল– গাওঁবুঢ়া, বাৰিকা আৰু দলৈৰ ঘৰত বিহু গাবলৈ যায়। বিহু, বগেজাৰী গোৱাৰ পাছত মুখিয়াল তিনিজনৰ পৰা বছৰটোৰ বাবে মঙ্গল কামনাৰে আশীৰ্বাদ গ্ৰহণ কৰে। উল্লেখ্য যে বিহু গাবলৈ যোৱা মহিলা সমাজৰ বাবে তিনিওগৰাকী মুখিয়ালৰ গৃহস্থই অসমীয়া জা–জলপানৰ ব্যৱস্থা কৰে। ব’হাগ বিহুৰ দ্বিতীয় দিনটোত অৰ্থাৎ ১৬ এপ্ৰিলত মহিলা সমাজে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰত বিহু গাবলৈ যায়। লগতে ইজনে–সিজনক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি বছৰটোৰ মঙ্গল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। একেটা দিনতে বাৰেগাঁৱৰ মহিলা সমাজেও গাঁওখনৰ মুখিয়ালৰ ঘৰত আশীৰ্বাদ ল’বলৈ যোৱাৰ লগতে ঘৰে ঘৰে বিহু গাবলৈও যায়। সন্ধিয়া মহিলা সমাজে গাঁওখনত এসাজ লগেভাগে খোৱাৰ ব্যৱস্থা কৰে।

ইপিনে– ১৬ এপ্ৰিলৰ সন্ধিয়া বাৰেগাঁৱৰ সমাজকৰ্মী অৰাল চাংক্লীৰ নিমন্ত্ৰণ ক্ৰমে চাংক্লী কল’নীৰ ‘টেনচন ফ্ৰী’ মঞ্চত বাৰেগাঁও বিহু দলটোক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰে। বিহু দলটোৰ সভাপতি পিতৰাম ফাথো আৰু সম্পাদক নিকু ফাথোৰ নেতৃত্বত উক্ত মঞ্চত বিহু পৰিৱেশনৰ লগতে তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে অৰাল চাংক্লী পূৰ্বে খ্ৰীষ্টান ধৰ্মাৱলম্বী খাছি জনগোষ্ঠীৰ লোক আছিল। কেইবছৰমান আগতে তেওঁ খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰে। বৰ্তমান তেওঁ এজন শিৱ ভক্ত। নিজ চৌহদত তেওঁ এটি প্ৰকাণ্ড শিৱ মন্দিৰ নিৰ্মাণ কৰি লৈছে। উল্লেখনীয় যে প্ৰতিটো বৰ্ষৰ ৮ ব’হাগত দুয়োখন সমাজে বাৰেগাঁৱৰ খেতিপথাৰত পৰম্পৰাগতভাবে সুৱেৰি উৎসৱ পালন কৰি আহিছে। সেই উৎসৱতো মহিলা সমাজে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰে। এই বৰ্ষৰ ৮ ব’হাগ ২২ এপ্ৰিলৰ দিনটোত সুৱেৰি উৎসৱ পালন কৰিব।

চুবুৰীয়া ৰাজ্যৰ অসমীয়া গাঁও দুখনে সীমাৱদ্ধতাৰ মাজত জীৱন–নিৰ্বাহ কৰি আহিলেও তেওঁলোকে নিজকে অসমীয়া বুলি গৌৰৱবোধ কৰে। তেওঁলোকে মাতৃভাষা অসমীয়াতে কথা–বতৰা পাতে। অসমীয়াৰ প্ৰতিটো উৎসৱ–পাৰ্বন পৰম্পৰাগতভাৱে পালন কৰি আহিছে। গাঁও দুখনৰ ছাত্ৰ–ছাত্ৰীসকলে এতিয়াও অসমীয়া ভাষাত পঢ়া–শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু মেঘালয় চৰকাৰে আজি বহু বছৰ পূৰ্বেই বিদ্যালয় সমূহৰ পৰা অসমীয়া ভাষাৰ শিক্ষকৰ পদ সমূহ বিলোপ কৰি দিছে। সেয়ে ছাত্ৰ–ছাত্ৰীসকলে মাতৃ ভাষা অসমীয়াৰ পৰিৱৰ্তে বৰ্তমান খাছি ভাষাত পঢ়া–শুনা কৰিবলগীয়া হৈছে। মাটি–বাৰী বহু সমস্যা থকা গাঁও দুখনৰ অসমীয়ালোক সকল যুগ যুগ ধৰি এৰা–ধৰাৰ মাজেৰে স্থানীয় খাছিলোক সকলৰ সৈতে বসবাস কৰিবলগীয়া হৈছে। গুৰুত্বপূৰ্ণ এই কথাষাৰ বাৰেগাঁৱৰ গাঁওবুঢ়া বিটেশ্বৰ ফাথো, উমচাৰ গাঁওবুঢ়া হুবিৰাম দীয়া আৰু যুৱ সমাজকৰ্মী ৰণ চাম্বাই ব্যক্ত কৰিছিল। যদিও– ৰাজ্যখনত খাছি–অসমীয়া এই দুয়োটা সম্প্ৰদায়ৰলোক সকল যুগ যুগ ধৰি মিলা–প্ৰীতিৰে বসাবস কৰি সম্প্ৰীতিৰ অন্য এক বিৰল আদৰ্শ দাঙি ধৰিবলৈও সক্ষম হৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward