Saturday, April 20, 2024
Homeবাতৰিমেঠোন হত্যাত তীব্ৰ ক্ষোভ প্ৰকাশ আবুটানি জনজাতিসকলৰ  

মেঠোন হত্যাত তীব্ৰ ক্ষোভ প্ৰকাশ আবুটানি জনজাতিসকলৰ  

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৮

চি এন ডেক্স

অসম–অৰুণাচলৰ নামনিৰ ধাননি পথাৰলৈ নামি অহা কেইবাটাও মেঠোন দুৰ্বৃত্তৰ হাতত নিধন হোৱাত তীব্ৰ ক্ষোভত ফাটি পৰিছে দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণ। অৰুণাচলৰ আবুটানি জনজাতি সম্প্ৰদায়ৰ লোকসকলে মেঠোনক পৱিত্ৰ জ্ঞান কৰে। আবুটানি সকলে কোনো সমূহীয়া উৎসৱ বিশেষত ধৰ্মীয় নীতি–নিয়ম পালন কৰিহে মেঠোন হত্যা কৰে।  

মেঠোন অৰ্ধ–ঘৰচীয়া গৰু পৰিয়ালৰ প্ৰাণী। মেঠোনক অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যিক জন্তুৰ মৰ্যাদা দিয়াৰ লগতে এই প্ৰাণীবিধ সংৰক্ষণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখনীয় যে, সীমান্তত মেঠোন হত্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত পাহাৰীয়া ৰাজ্যখনৰ গালো–মিছিং সমন্বয় কমিটিয়ে ছিয়াং জিলাৰ বালিচৰত এখন সজাগতা মূলক সভাৰ আয়োজন কৰে। উক্ত সভাত অসমৰ মিছিং ছাত্ৰ সন্থাৰ লগতে অন্যান্য জনগোষ্ঠীয় সংগঠনবোৰকো নিমন্ত্ৰণ কৰে। উক্ত আলোচনা সভাতে মেঠোন হত্যাত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা হাতত লোৱাৰ লগতে আবুটানি জনজাতিসকলৰ মাজত মেঠোনৰ পৱিত্ৰতা সম্পৰ্কেও আলোচনা কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward