Thursday, March 28, 2024
HomeUncategorizedলোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে জব্দ কৰিলে চোৰাং কাঠ ভৰ্তি বাহন

লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে জব্দ কৰিলে চোৰাং কাঠ ভৰ্তি বাহন

প্ৰকাশিত তাৰিখঃ ২৬ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে যোৱা ২৫ নৱেম্বৰৰ ৰাতিপুৱা চোৰাং কাঠ ভৰ্তি ডি আই বাহন এখন জব্দ কৰে। অসম–মেঘালয় সীমান্তৰপৰা বহু পৰিমাণৰ চোৰাং কাঠ বোজাই কৰি নম্বৰ বিহীন বাহন খন মিৰ্জা অভিমুখে আহি আছিল। এক গোপন সূত্ৰে খবৰ লাভ কৰাৰ লগে লগে লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰে সহকৰ্মীৰ সৈতে কাঠ ভৰ্তি বাহনখন জব্দ কৰাৰ বাবে সকলোবোৰ পথত চোকা নজৰ ৰাখে। অৱশেষত কাৰ্যালয়খনৰপৰা এক কিলোমিটাৰ আতৰৰ কোছপাৰা নামৰ গাঁওখনত কাঠ ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ফৰছেদ আলী আৰু কাবুল আলী নামৰ দুজন লোককো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, কাবুল আলী নামৰ লোকজনে বন কৰ্মীৰ হাতৰপৰা পলাই যাবলৈ চেষ্টা কৰিছিল। যদিও বন কৰ্মীসকলৰ হাতত কাবুলৰ সেই চেষ্টা ব্যৰ্থ হয়। বন বিভাগে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি বাহনখন কাৰ্যালয়ত জব্দ কৰাৰ বিপৰীতে আটকাধীন লোক দুজনক আদালতলৈ প্ৰেৰণ কৰে।

ইপিনে, এই ঘটনাৰ দুদিন আগত ধনতোলাৰ আৰ ইউ বি নামৰ ইটা ভাতা এটাত অবৈধভাৱে মজুত ৰখা মাটিও জব্দ কৰে। ইটা ভাতা চৌহদে ৰঙা নিচান লগাই মাটিখিনি জব্দ কৰি থোৱা বুলি ব্যক্ত কৰে বনাঞ্চলিক বিষয়া চেমিম আখটাৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward